Breaking

আৰক্ষীয়ে দিলে বিস্ফোৰক তথ্য! কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছিল প্ৰশ্নকাকত?

0 78

পোহৰলৈ আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ ন ন তথ্য। ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বহু ছাত্ৰ-ছাত্ৰী।

চি আই দিয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে প্ৰশ্ন কাকত ফাদিলকলৈ ডিব্ৰুগড়ৰৰ ছল্টব্ৰুক একাডেমীৰ ৭ জনকৈ ছাত্ৰৰ লগতে অধ্যক্ষকো আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

এই তদন্তৰ পিছতেই  ডিব্ৰুগড় আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন৷ সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে ডিজিটেলি ধনৰ লেনদেন তথ্য লাভ কৰিছে ডিব্ৰগড় আৰক্ষীয়ে ৷

আটকাধীন ছাত্ৰকেইজনৰ পৰা ৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত লেন দেন হোৱাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে।

ইয়াৰ মাজতো ধেমাজিৰ এজন ছাত্ৰই আন এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে বিজ্ঞান বিষয়ৰ পূৰ্বে ফাদিল হৈছিল গণিত বিষয়ৰো প্ৰশ্ন কাকত৷

Leave A Reply