উজনি-মাজুলী : উজনি মাজুলীত বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কালি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সন্থাৰ কৰ্মী সকলে কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টিত বিগত বহু দিনৰ পৰা এক অৰাজক পৰিস্থিতি উদ্ভৱ হৈ আছে, যাৰ বাবে চৰম হাৰাশাস্তি ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। ঘণ্টা ঘণ্টা ধৰি কৰা লোডশ্বেডিঙৰ ফলত চৰম হাৰাশাস্তি ভোগ কৰিছে সাধাৰণ জনতাই৷ বিভাগটোৰ গাফিলটিৰ বাবে বৰ্তমান সময়ত শিক্ষাৰ্থীসকলকে ধৰি সাধাৰণ জনসাধাৰণে বিদ্যুতৰ বাবে হাঁহাকাৰ কৰি থাকিবলগীয়া হৈছে। এই সমগ্ৰ বিষয়ৰ ওপৰত ছাত্ৰ সন্থাই বহুবাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও বিভগটোৱে কোনো গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ছাত্ৰ সন্থাৰ কৰ্মীসকল। কালিৰ কাৰ্যসূচীত উপস্থিত থাকি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন শৰ্মাই কয় যে, অতিশীঘ্ৰে উজনি মাজুলীৰ বিদ্যুৎ বিভাগৰ যি উপ সংমণ্ডলৰ কাৰ্যালয় আছে তাত যিসকল বিষয়া আছে সকলোকে অনাগত ২৪ ঘণ্টাৰ ভিতৰত সালসলনি কৰিব লাগিব বুলি দাবী জনায়। লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱাই কয় যে, যদি অনাগত ২৪ ঘণ্টাৰ ভিতৰত বিভাগটোৰ যি সমূহ যান্ত্ৰিক বিজুটি আছে সমগ্ৰ বিষয়টি বিচাৰৰ আওতালৈ আনি দোষী বিষয়া সকলৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে আৰু ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিব লাগিব বুলি দাবী জনোৱাৰ লগতে যদি এইসমূহ দাবী কাৰ্যকৰী নহয় তেতিয়া ছাত্ৰ সন্থাই অনাগত সময়ত কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকে ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়ে লগতে ৫০ জনীয়া ছাত্ৰ সন্থাৰ এটা সজাতি দলে। কাৰ্যসূচী সফল কৰি তোলাৰ বাবে জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মন্টু গায়নে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…
- মেট গালা ২০২৪ঃ কোনে দামী পোছাক পৰিধান কৰিলে! ঈশা নে আলিয়াই…
- কোকৰাঝাৰত বিজ্ঞান মহাবিদ্যালয়ৰ সমীপৰ পৰা BPFৰ সমৰ্থকক আটক…
- ১০০ টকাৰ অনলাইন টিকটত হিন্দু-মুছলিম দুই বন্ধুয়ে লাভ কৰিলে আলট্টা বাছ…
- বিশ্ব হাঁপানী দিৱসঃ প্ৰাপ্তবয়স্কতকৈ অধিক শিশু হাঁপানী ৰোগী! পিতৃ-মাতৃয়ে হাঁপানীৰ এই প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে…
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…