Breaking

লুডু খেলত গুটি কটাক লৈ পিতৃৰ বিৰুদ্ধে ভূপালৰ আদালতত গোচৰ কন্যাৰ

0 1,294

অনলাইন বাৰ্তা : পৰিয়ালৰ সদস্যৰ সৈতে অৱসৰৰ সময়ত বহুৱে লুডু খেল খেলিবলৈ পছন্দ কৰে ৷ এই খেলত হৰা জিকা লৈ বহু সময়ত বিবাদ হয় ৷ কিন্তু এই খেলাক কেন্দ্ৰ কৰি পিতৃ আৰু কন্যাৰ মাজত সম্পৰ্কত ফাট মেলে ৷ লুডু খেলত পিতৃয়ে অন্যায় কৰে ৷ এই অভিযোগ লৈ আদালতৰ দ্বাৰস্থ হয় মধ্য প্ৰদেশৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ৷ জানিব পৰা মতে, কিছুদিনৰ আগতে পিতৃ আৰু সহোদৰৰ সৈতে লুডু খেলিছিল এই যুৱতীয়ে ৷ সেই সময়ত তেওঁৰ পিতৃয়ে কন্যাক এটা পকা গুটি কাটি দিয়ে ৷ সেইটো যুৱতীগৰাকীয়ে বিশ্বাসেই কৰিব নোৱাৰিলে ৷ পিতৃয়ে যে তেওঁৰ গুটিটো কাটিব পাৰে তাকে লৈ ‘বিশ্বাস ভংগ’ হৈ ভূপালৰ ফেমিলী কৰ্টৰ দ্বাৰস্থ হয় কন্যাগৰাকী ৷ আদালতৰ এগৰাকী মহিলা বিষয়াই জনায়, কন্যাগৰাকীৰ কাণ্ডত তেওঁ অবাক ৷ যুৱতীগৰাকীয়ে জনায়, তেওঁৰ পিতৃৰ প্ৰতি সকলো শ্ৰদ্ধা হেৰাইছে ৷ পিতৃক পৃথিৱীৰ সকলো সুখ দিয়াৰ কথা দিছিল ৷ তেওঁ কন্যাক হৰুৱাই দিয়াৰ বাবে কাম কৰিব পাৰিব সেয়া কন্যাগৰাকীয়ে ভাবিবই পৰা নাই ৷ যুৱতীগৰাকীয়ে পিতৃৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰাৰ কথাও জনাইছে ৷ কন্যাগৰাকীয়ে কয়, পিতৃয়ে সকলো সময়তে কয়, মোক সুখী কৰি ৰখাত সকলো কৰিব ৷ সেই দিনা মোৰ আনন্দৰ বাবে পিতৃৰ উচিত আছিল গেমটো হাৰি দিয়াৰ ৷ কিন্তু পিতৃয়ে তাকে নকৰিলে ৷ মোৰ সকলো বিশ্বাস ভাঙিছে পিতৃয়ে ৷ যুৱতীগৰাকীৰ কাণ্ড দিখি অবাক আদালতৰ সকলো ৷ ঘটনা প্ৰসংগত আদালতৰ কাউন্সিলৰে জনায়, কন্যাগৰাকীৰ সৈতে চাৰি দফাৰ কাউন্সিলিং ছেছন কৰা হ’ব ৷ উল্লেখ্য যে এয়াই প্ৰথম নহয় ৷ ইয়াৰ আগতে এই লুডু খেলাত হাৰি প্রেমিক-প্রেমিকা সম্পর্ক ভাগিছিল, স্বামীয়ে স্ত্ৰীক প্ৰহাৰ কৰিছিল ৷ আনকি হত্যাৰ দৰে ঘটনাও ঘটিছে ৷

Leave A Reply