গেলেকী : নাজিৰা মহকুমা সমীপৰ চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত তথা অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহ- ২০২০ উপলক্ষে ২৭ ছেপ্তেম্বৰৰ দিনা সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনি অনুষ্ঠানিক ভাৱে উদ্বোধন কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই কয় যে সমাজ এখন আগবাঢ়ি যাবলৈ শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকল স্বাস্থ্যৱান হ’বই লাগিব। তাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পোষণ অভিযান এক উল্লেখযোগ্য আঁচনি। কৰ্মশালাখনিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ। ভাষণ প্ৰসংগত মন্ত্ৰী যোগেন মহনে কয় যে স্বাস্থ্য ৰক্ষাৰ বাবে আমি সদায় জৈৱিক খাদ্য গ্ৰহণ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বজাৰৰ শাক পাচলিতকৈ ঘৰুৱা শাক পাচলি অধিক গ্ৰহণযোগ্য। বিধায়িকা নৱনীতা সন্দিকৈয়ে তেওঁৰ বক্তব্যত পৰিপুষ্টিৰ ব্যাখ্যা দাঙি ধৰে। ইয়াৰ পূৰ্বে চৰাইদেউ জিলাৰ কৃষি বিষয়া ড° অৰুণ চাংকাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। সভাখনি আঁতধৰে চৰাইদেউ জিলাৰ পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই। কৰ্মশালাখনিত প্ৰথম দিনা সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় জিলা কৃষি বিষয়া ড° অৰুণ চাং কাকতি আৰু শিৱসাগৰস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী প্ৰিয়ংকা দত্তই। এই কৰ্মশালাখনিত জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে চৰাইদেউ জিলাৰ চাৰিওটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকাৰ লগতে নিৰ্বাচিত অংগনবাড়ী কৰ্মী, পোষণ অভিযানৰ কৰ্মচাৰীবৃন্দ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৃষি সখীসকল উপস্থিত থাকে। আজি অন্তিম দিন। অংগনবাড়ী কৰ্মীসকলক জিলা কৃষি বিভাগৰ তৰফৰ পৰা লাই, মূলা, পালেং, ধনীয়া, বেঙেনা, জাতিলাও, টিয়হ আদি শস্যৰ গুটি প্ৰদান কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভৱেশ কলিতাই…
- ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী…
- দিনবোৰ সলনি হ’ব, প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব! মানুহবোৰ মানুহ হ’ব…
- মানৱ জীৱনৰ প্ৰতি ভাবুকি! নিৰ্বাচনী ধামখুমীয়াত গুৰুত্ব নোপোৱা বাতৰি…
- বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…
- শ্ৰীশ্ৰী শংকৰ মাধৱ মণিকাঞ্চন মিলন ক্ষেত্র শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহাপালনাম, সম্বৰ্ধনা, ভাওনা প্ৰদৰ্শনঃ ভক্ত বৈষ্ণৱক আদৰণি জনালে নাৰায়ণপুৰীয়া ধৰ্মপ্ৰাণ ৰাইজে…
- ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!