উজনি-মাজুলী : মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ স্বাস্থ্য খণ্ডৰ পয়া লগা দিশটোক লৈ দীৰ্ঘ দিনৰ পৰা সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰি অহাৰ পিছতো যেন গুৰুত্ব নাই চৰকাৰৰ। ইফালে যি কেইজন চিকিৎসক আছে তেওঁলোকো ক’ভিড প্ৰতিৰোধৰ দায়িত্বত থকাৰ বাবে সাধাৰণ ৰোগীয়ে জীয়াতু ভুগিব লগা হৈছে এতিয়া নদীদ্বীপ জিলাখনত। প্ৰধানত উজনি মাজুলীবাসীয়ে উন্নত চিকিৎসাৰ সুবিধাৰ পৰা দীৰ্ঘদিনৰ পৰাই বঞ্চিত হৈ আহিছে। গ্ৰাম্য অঞ্চলসমূহৰ বহু উপস্বাস্থ্য কেন্দ্ৰত সাধাৰণ ঔষধ এটাও পাবলৈ নাই। বিশেষকৈ উজনি মাজুলীৰ বনৰীয়া চাপৰি, বাচন, অনাই, গ্ৰেজিং কলনিবাৰী, ৰতনপুৰ, কঠমীয়া, গায়নগাঁও আদিকে ধৰি এই বৃহত্তৰ অঞ্চলটোৰ ৩৫/৪০ খন গাঁৱৰ জনসাধাৰণৰ একমাত্ৰ চিকিৎসা সাৰথি ৰতনপুৰ লাহন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি কেইবামাহো ধৰি চিকিৎসক নথকাৰ বাবে ফাৰ্মাচিচজনে অকলেই জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। পূৰ্বে এজন অৱসৰপ্ৰাপ্ত চিকিৎসকক এই চিকিৎসালয়ত এন আৰ এইচ এমৰ অধীনত নিযুক্তি দি ৰাখিছিল যদিও স্বাস্থ্য জনিত কাৰণত তেওঁ চিকিৎসালয়খনলৈ আহিবলৈ এৰি দিয়াত সমস্যাৰ সন্মুখীন হৈছে ৰোগী। বহু দূৰ দুৰণিৰ পৰা আহি ৰোগীয়ে ভিৰ কৰা চিকিৎসালয়খনত এজন পূৰ্ণ পৰ্য্যায়ৰ চিকিৎসক নিযুক্তি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

