গেলেকী : নাজিৰা ৰে’ল ষ্টেচনৰ কাষৰ এটা মুছলমান সম্প্ৰদায়ৰ পৰিয়ালে দীৰ্ঘদিনে আশ্ৰয় দি আহিলে এজন হিন্দু ধৰ্মৰ বৃদ্ধ লোকক। বিগত ২০ বছৰে পৰিয়ালটোৱে ৰোগাক্ৰান্ত বৃদ্ধজনক আশ্ৰয় প্ৰদান কৰাৰ লগতে নিজ পৰিয়ালৰ এজন সদস্য হিচাপে প্ৰতিপাল কৰি আহিছিল। এই মুছলমান পৰিয়ালটোৱে দাঙি ধৰিলে মানৱতাৰ আন এক নিদৰ্শন। অৱশেষত বিহাৰৰ পৰা পৰিয়ালৰ লোক আহি ঘৰলৈ লৈ যায় বৃদ্ধ লোকজনক৷ ৮০ৰ দশকতে কৰ্মসূত্ৰে বিহাৰৰ পৰা আহি নাজিৰাত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল দুখী ভগত নামৰ লোকজনে৷ কিন্তু প্ৰায় ২০ বছৰ পূৰ্বে অচিন ৰোগত আক্ৰান্ত হৈছিল দুখী ভগত৷ ফলত ভাড়াঘৰৰ মালিকে ৰাখিবলৈ অমান্তি হয় দুৰ্ভগীয়াক। ভাড়াঘৰৰ মালিকে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত থাকিবলৈ ঠাই নাপাই নাজিৰা ৰে’ল ষ্টেচনতে থাকিবলৈ লয় লোকজনে। কিন্তু লোকজনৰ অসহায় অৱস্থা চকুত পৰিছিল কাষৰে এগৰাকী মুছলমান মহিলাৰ। লগে-লগে মহিলাগৰাকীয়ে দুখী ভগতক নিজৰ ঘৰলৈ লৈ আহি সুস্থ কৰাৰ বিপৰীতে পিছত মহিলা গৰাকীয়ে নিজৰ ঘৰতেই আশ্ৰয় দিয়ে। মুছলমান পৰিয়ালটোৱে চকুৰে নেদেখা দুখী ভগতৰ চিকিত্সা কৰোৱাই ঘূৰাই আনে দৃষ্টিশক্তিও। তেতিয়াৰ পৰা প্ৰায় ২০/২২ বছৰ ধৰি দুখী ভগত বুলবুল, ৰেবুল আৰু আবুলহতৰ ঘৰৰে এজন সদস্য হৈ পৰে। অৱশেষত আজি বিহাৰৰ পৰা দুখী ভগতৰ নাতি আহি ঘৰলৈ লৈ যায় দুখী ভগতক। যোৱাৰ সময়ত কান্দোনত ভাঙি পৰিল দুখী ভগত। পৰিয়ালটোৱেও বৃদ্ধজনক বিদায় দিয়াৰ সময়ত মৰ্মাহত হৈ পৰিল৷ নাতিয়ে দুখী ভগতক নতুন জীৱন দিয়াৰ লগতে আশ্ৰয় দিয়াৰ বাবে মুছলমান পৰিয়ালটোক ধন্যবাদ জনালে। সঁচাকৈ এয়াই যেন সঁচা মানৱতা। সমাজত এচামে যিমানেই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে। ঠিক তাৰ সমান্তৰালকৈ আন একাংশই কিন্তু সমাজলৈ এনেদৰেই প্ৰেৰণ কৰি আহিছে এক ইতিবাচক বাৰ্তা।

