সাংসদ দিলীপ শইকীয়াক সঁহাৰিয়ে যাচিলে অভিনন্দন

দৈনন্দিন বাৰ্তা ডেস্ক : সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত বিগত এটা দশক বিভিন্ন ধৰণে জড়িত হৈ ৰাইজৰ সৈতে একাত্মতা গঢ়ি তুলিবলৈ সক্ষম হোৱা অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘সঁহাৰি’ৰ তৰফৰ পৰা শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক অভিনন্দন জ্ঞাপন কৰা হয়। শক্তিশালী জনসংখ্যা আইন প্ৰৱৰ্তন তথা দৰং জিলাক ৰে’ল মানচিত্ৰৰ অন্তৰ্ভুক্তকৰণকে ধৰি একাধিক বিষয় পৱিত্ৰ সদনত বলিষ্ঠভাৱে উত্থাপন কৰি অহা বাকপটু সাংসদগৰাকীক ‘উত্তৰ পূৱৰ বলিষ্ঠ কণ্ঠস্বৰ’ আখ্যা দিয়ে সঁহাৰিৰ সভাপতি প্ৰিয়ঙ্কু নাৰায়ণ বৰুৱাই। স্বেচ্ছাসেৱী অনুষ্ঠান ‘সঁহাৰি’ৰ হৈ সাধাৰণ সম্পাদক প্ৰসেনজিৎ বৰুৱা প্ৰমুখ্যে জয়ন্ত বৰুৱা, কাবেৰী গোস্বামী, শেখৰ জ্যোতি নাথ, দ্বিপেন কলিতা, চিৰঞ্জীতা ৰয় চৌধুৰীয়ে সাংসদগৰাকীক বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক সম্ভাষণ জনায়।

Related Articles