আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ ফাদিল কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ নাম সাঙোৰ খোৱাত টীয়কত আছু, যুৱ ছাত্ৰসহ অন্যান্য সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

মুদৈজান : অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আকৌ প্ৰতিবাদত উত্তাল হৈ পৰে টীয়ক। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু আটছা টীয়ক উপ শাখাৰ সহযোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৰ্ধশতাধিক ছাত্ৰকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ ব্যক্তিগত সহায়কৰ নাম সাঙোৰ খোৱাত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে চিবিআই তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, সততে নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিযুক্তিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত টকাৰ বলতেই বহু মেধাসম্পন্ন পৰীক্ষাৰ্থীয়ে নিযুক্তি নাপাই আৰু তাৰ এক জ্বলন্ত উদাহৰণ আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষা। তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি শূণ্য সহনশীলতাৰ দৃষ্টি দাঙি ধৰাবোৰ যে শূন্যত গদা ঘূৰোৱাৰ দৰে কথা বুলি কয়। আনহাতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই কয়, মধ্যপ্ৰদেশৰ ব্যাপন কেলেংকাৰীতকৈও ভয়াৱহ আৰক্ষীৰ উপ- পৰিদৰ্শকক পৰীক্ষাৰ কেলেংকাৰী। বাৰে প্ৰতি লাখ লাখ নিবনুৱাক মাধমাৰ সোধাই অহা চৰকাৰখনে দুৰ্নীতিৰ পাহাৰ গঢ়ি তুলিছে বুলি অভিযোগ উত্থাপন কৰে। লগতে এই ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে উচিত শাস্তি পাব লাগিব বুলি তেওঁ কয়। কাৰ্যসূচীত উপস্থিত থাকি শিমলুগুৰি মৌজা আছুৰ উপদেষ্টা যদুমণি বৰুৱা, টীয়ক আছুৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, সম্পাদক বিশ্বজিৎ বৰা আৰু আটছা টীয়ক উপ শাখাৰ সভাপতি এপল কিষ্কো, সম্পাদক ৰোহিত ৰাজোৱাৰে বিজেপিৰ শাসনকালত শিক্ষিত নিবনুৱাক বঞ্চিত কৰি চৌদিশে গঢ়ি উঠা দুৰ্নীতিৰ বৃহৎ বজাৰখনৰ অন্ত অসমৰ ৰাইজে অনাগত অসম বিধানসভাৰ নিৰ্বাচনত দিব বুলি কয়। কাৰ্যসূচীত টীয়ক আছুৰ উপ সভাপতি পাপু কলিতা, ৰক্তিম হাজৰিকা, সহকাৰী সম্পাদক ভাস্কৰ গগৈ, দীপাংকৰ বেজবৰা, ৰূপক সৰকাৰ, প্ৰচাৰ সম্পাদক দীপাংকৰ দাস, শিক্ষা সম্পাদক স্বপ্ননীল বৰুৱাৰ লগতে কেন্দ্ৰীয় শাখা, জগদুৱাৰ, বলমা, কাৱৈমাৰী, কলিয়াপানী শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Related Articles