চৰাইদেউত পোষণ মাহ ২০২০ৰ সামৰণি : লাকুৱা শিশু উন্নয়ন বিষয়া উপস্থিত

গেলেকী : চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত ১ৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২০লৈকে পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ৰ সামৰণি অনুষ্ঠান ২ অক্টোবৰৰ দিনা জিলা উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত সভাপতিত্ব কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে কয় যে সমাজৰ উঠি অহা শিশু তথা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখিবলৈ পোষণ অভিযানৰ প্ৰয়োজনীয়তা আছে। এটি সুস্থ সবল শিশুৱেহে সমাজৰ শ্ৰীবৃদ্ধি কৰিব পাৰে। বিধায়িকাগৰাকীয়ে লগতে পোষণ মাহ ২০২০ উপলক্ষে অংগনবাড়ী কেন্দ্ৰসমূহত স্থাপন কৰা শাকনিবাৰীসমূহ নিজে পৰ্যবেক্ষণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। সভাৰ আৰম্ভনিতে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰে। পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই পোষণ মাহত সম্পাদন কৰা কাৰ্যাৱলী সমূহৰ ওপৰত প্ৰস্তুত কৰা এটি ভিডিঅ’ প্ৰদৰ্শন কৰে। তাৰ পাছতেই পোষণ মাহ উপলক্ষে শিক্ষা বিভাগৰ সহযোগত দুটা পৰ্যায়ত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক নগদ ধন আৰু প্ৰমাণ পত্ৰেৰে পুৰষ্কৃত কৰা হয়। শলাগৰ শৰাই আগবঢ়ায় লাকুৱা প্ৰকল্পৰ শিশু উন্নয়ন বিষয়া ৰিণু বৰাই। আজিৰ সভাখনত চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, অতিৰিক্ত উপায়ুক্তদ্বয় মোচুমী চেতিয়া আৰু মনোৰমা মৰাং, সহকাৰী আয়ুক্ত সমুজ্জ্বল বৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নিজৰা দেৱী, শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকাবৃন্দ, পোষণ অভিযানৰ কৰ্মচাৰীবৃন্দৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Related Articles