দিল্লী কেপিটেলছ এতিয়া নৰ্কিয়াৰ প্ৰত্যাৱৰ্তনৰ পাছত শক্তিশালী । ঘৰুৱা দল ৰাজস্থানৰ এটাই কামনা যেন দিল্লী কেপিটেলছে এইখন খেলত ফৰ্ম উভতাই নাপায় ।

অন্যথা এই বৃহৎ সংকটৰ পৰা ৰাজস্থানক উদ্ধাৰ কৰা অসম্ভৱ হৈ পৰিব খেলুৱৈসকলৰ বাবে । দুই পৰাজিত দলৰ সন্মুখত উভতি অহাৰ এয়াই সুন্দৰ সুক্ষোগ, যিয়েই সদব্যৱহাৰ কৰিব সিয়েই আই পি এলৰ যাত্ৰা অব্যাহত ৰাখিব ।

বৰ্ষাপাৰা ষ্টেডিয়াম তেনেক্ষেত্ৰত আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে দুয়োটা দলৰ বাবে । যি সময়ত বৰ্ষাপাৰাৰ ২২ গজৰ বাউণ্ডেৰী বেটছমেনৰ বাবে স্বৰ্গভূমি, একেই সময়তে ভাৰতীয় শ্ল’ পিটছ স্পীনৰ বাবেও বিখ্যাত ।

