টিংখাং : তাই আহোম জাতীয় পৰিষদৰ উপদেষ্টা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন ফুকনৰ আকস্মিক বিয়োগত তাই আহোম জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। দুই অক্টোবৰত অনুষ্ঠিত পত্নীৰ তিলনীৰ কাম কাজত ব্যস্ত থকা সময়ছোৱাতে গুৰুতৰভাৱে হৃদৰোগত আক্ৰান্ত হৈ পৰাত মনোৰঞ্জন ফুকনক চিকিৎসালয়লৈ অনাৰ পথত শেষ নিশ্বাস ত্যাগ কৰে। বিগত কিছুবছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসা সেৱা গ্ৰহণ কৰিছিল। বৃহত্তৰ আহোম সমাজৰ লগতে ৰাজ্যৰ এগৰাকী বিদ্বান ব্যক্তি হিচাপে পৰিচিত মনোৰঞ্জন ফুকনৰ বিয়োগত অপূৰণীয় ক্ষতি হোৱা বুলি তাই আহোম জাতীয় পৰিষদে মন্তব্য প্ৰকাশ কৰিছে। এগৰাকী দক্ষ সংগঠনক সুবক্তা হিচাপে জনপ্ৰিয় মনোৰঞ্জন ফুকনে তাই ভাষা সাহিত্যলৈ বুৰঞ্জীমূলক প্ৰৱন্ধৰ লগতে গ্ৰন্থ ৰচনা কৰি অনবদ্য অৱদান আগবঢ়াই গৈছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত সিচৰিত প্ৰাচীন কীৰ্তি চিহ্নসমূহ সংৰক্ষন আৰু সংবৰ্ধন বাবে যথোচিত গুৰুত্ব আৰোপ কৰিছিল। তদুপৰি তাই আহোম জনগোষ্ঠীটোৰ সামগ্ৰিক উত্তৰণৰ বাবে অতি তীক্ষ্ণ মেধা সম্পন্ন ব্যক্তি মনোৰঞ্জন ফুকনে জীৱন উৎসৰ্গা কৰি গ’ল বুলি তাই আহোম জাতীয় পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি পূৰ্ণ গন্ধীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাই এক শোক বাৰ্তা যোগে জনাইছে। শোক বাৰ্তা যোগে প্ৰয়াত মনোৰঞ্জন ফুকনৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ তাই আহোম জাতীয় পৰিষদে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে আহোম সমাজৰ এগৰাকী বিদগ্ধ পণ্ডিত মনোৰঞ্জন ফুকনৰ মৃত্যুত ৰাজ্য চৰকাৰে সামান্যতমো সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ কৰি তাই আহোম জাতীয় পৰিষদে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰয়াত মনোৰঞ্জন ফুকনক মৰণোত্তৰভাৱে চুকাফা বঁটা প্ৰদান কৰিবলৈ তাই আহোম জাতীয় পৰিষদে অসম চৰকাৰক দাবী জনাইছে।

