পুনেলৈ বি আৰ অৰ উদ্যোগত মটৰ চাইকেল ৰেলী ; গুৱাহাটীৰ পূৱ মণ্ডল মূখ্য কাৰ্যালয়ত পতাকা জোকাৰি শুভাৰম্ভ কৰিলে ভাৰপ্ৰাপ্ত এডি জিয়ে

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ সীমান্ত পথ সংগঠনৰ ( বি আৰ অ ) উদ্যোগত ১৩ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত কিবিথুৰ পৰা আৰম্ভ হোৱা “একতা আৰু শ্ৰদ্ধাঞ্জলি অভিযান ২০২৩” ৰ মটৰ চাইকেল ৰেলী শুকুৰবাৰে সন্ধিয়া তেজপুৰৰ পৰা গুৱাহাটীৰ লংকেশ্বৰস্থিত বি আৰ অৰ পূব মণ্ডল মূখ্য কাৰ্যাল়য় চৌহদত উপস্থিত হয়।

বি আৰ অৰ কৰ্ণেল মুনীশ বাগৰ নেতৃত্বত অহা ১৫ জনীয়া দলটোৱে নিশাটো পূব মণ্ডল মূখ্য কাৰ্যালয়ত কটোৱাৰ পিছত আজি পুৱা পশ্চিমবংগৰ হাচিমাৰা অভিমুখে ৰাওনা হয় ।

আনহাতে পুৱা পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে বি আৰ অৰ পূব মণ্ডলৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান পৰশু নাথ যাদৱে ।

এই উপলক্ষে পূব মণ্ডলৰ সঞ্চালক ৰাজেশ কুমাৰে আঁত ধৰা অনুষ্ঠানত পৰশ নাথ যাদৱে কয় – দেশপ্ৰেম, একতা আৰু ভাতৃত্বৰ বানীলৈ এই ১৫ জনীয়া মটৰ চাইকেল ৰেলীৰ দলটোৱে যাত্ৰা পথত ২৩ দিনত ৫,৬০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি পশ্চিমবংগ , বিহাৰ, উত্তৰ প্ৰদেশ , দিল্লী হৈ পুনেত উপস্থিত হোৱাৰ পিছত অহা সাত মেত সীমান্ত পথ সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত ৰেলীৰ সামৰণি পৰিব ।

উল্লেখ্য যে বিগত সময়ত ৰাষ্ট্ৰৰ সেৱাৰ বাবে প্ৰাণ আহুতি দিয়া সীমান্ত পথ সংগঠনৰ বিষয়া কৰ্মচাৰী সকললৈও শ্রদ্ধাঞ্জলি জনাই আয়োজন কৰা দেশযোৰা এই মটৰ চাইকেল ৰেলীত অংশগ্ৰহনকাৰী সকলে দেশৰ ১০৮ খন নদীৰ পানী, বিভিন্ন অঞ্চলৰ মাটি আৰু গছপুলি লৈ পুনেত উপস্থিত হব । সাত মে’ৰ দিনা এই গছপুলি ৰোপণ কৰিব ।

Related Articles