গেলেকী : নাজিৰা মহকুমা সীমান্তৱৰ্তী হালোৱাটিঙত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। হালোৱাটিং-গেলেকী সংযোগী পথত যোৱা নিশা তীব্ৰবেগী বলেৰ পিক্আপ এ এছ ০৪ বিচি ৪৯২৩মাল কঢ়িওৱা বাহনখনে নিজা পদূলিমুখত তথা পথৰ কাষত থিয় হৈ থকা বৰুৱাআলি পাতৰ গাঁৱৰ নৰেন চুতীয়া (৫৫) নামৰ লোকজনক মহতিয়াই নিয়ে। থিতাতে নিহত হয় দুৰ্ভগীয়া লোকজনৰ। সম্প্ৰতি বলেৰ পিক্আপ গাড়ীখনো পথচ্যুত হৈ পথৰ পৰা কিছু নিলগত বাগৰি পৰে। যদিও গাড়ী চালক নতুবা আন কোনো আৰোহী হতাহত হোৱা নাই। স্থানীয় ৰাইজ উপস্থিত হোৱাৰ পূৰ্বে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালকে ঠাই এৰি পলায়ন কৰে। ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ বিপৰীতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াকে লৈ অঞ্চলজুৰি উত্তেজনা, ভুক্তভূগীৰ পৰিয়ালে ঘটনাৰ উৎচিত ক্ষতিপূৰণ হিচাপে ২০লাখ টকা দাবী কৰিছে। যাক লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ। আনহাতে হালোৱাটিং আৰক্ষী থানাই ঘটনা সন্দৰ্ভত পলাতক গাড়ী চালকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…