গেলেকী : শিৱসাগৰ জিলা নাজিৰা মহকুমা অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহৰ লগতে সদৰৰ উপকণ্ঠৰ নগৰ, গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা অঞ্চলসমূহৰ পৰা বহিঃৰাজ্যলৈ গৰু চোৰাং চক্ৰই ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। নাগালেণ্ডকে ধৰি ভাৰত বাংলা সীমান্তইদি কেৱল গৰুৰ চোৰাং ব্যৱসায়ই নহয়, সীমান্ত পথেদি অব্যাহত আছে দেশৰ প্ৰতি ভাবুকি অনাৰ দৰে আন বহু অপৰাধজনিত কাৰবাৰ ৷ সম্প্ৰতি গৰুৰ চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে নীৰৱ ভূমিকা পালন কৰি আহিছে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসন নতুবা নাজিৰা মহকুমা আৰক্ষী প্ৰশাসনে। লগতে এই দুষ্ট চক্ৰ সমূহে পূৰ্বৰ তুলনাতকৈও দুগুণ অধিক হাৰত দৈনিক অপৰাধমূলক কাৰ্য বৃদ্ধি কৰি অহাটো নুই কৰিব নোৱাৰি। উল্লেখ্য যে বিগত দিনকেইটাত গো-মাফিয়া চক্ৰই নাজিৰাৰ লিগিৰীপুখুৰী চাহ বাগিচা, গড়আলি, চকীমুখ, বিহুবৰ চাহ বাগিচা, মেকিপুৰ চাহ বাগিচা, নামটিৰ মেজেঙ্গা, মিছাজান, গেলেকীৰ হাতীপটি চাহ বাগিচা, জ্যোতি নগৰ, বগিচাপৰি, কলগাওঁ, বামগাওঁ, লক্ষ্মীজান চাহ বাগিচা, লাহনগাওঁ, শিঙিবিল, মুগাপাৰা, ঢেকীয়াজুৰি, চৰাইসঁজীয়া, সোণাপুৰ, মোডী নগৰ চাহ বাগিচা, শিৱবাৰী চাহ বাগিচা আৰু শিমলুগুৰিৰ বকতা, চণ্টক, বিহুবৰ, লাকুৱা ইত্যাদি অঞ্চলৰ পৰা চোৰাং চক্ৰই গৰু ট্ৰাকেৰে নিশা বহিঃৰাজ্যলৈ সৰৱৰাহ কৰি মুনাফা অৰ্জন কৰি গৈছে। ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সদৰি কৰা অনুসৰি উজনিৰ পৰা বাংলাদেশলৈ চালান দিয়া গৰুৰ মূল্যৰ বৃহৎ পৰিমাণৰ টকা সম্পূৰ্ণ অবৈধভাৱে হাৱালাৰ জৰিয়তে লেন দেন কৰা হয়৷ যি দেশৰ প্ৰতি চৰম ভাবুকি তেনে আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰত জড়িত হৈ থকা চোৰাং ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন অপৰাধজনিত কাৰবাৰ তথা দেশ বিৰোধী চক্ৰৰ সৈতে জড়িত হৈ ব্যৱসায় অব্যাহত ৰাখিছে৷ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জনাইছে যে যোৱা কিছু দিনৰ পৰা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ স্থলপথেৰে কিছু হ্ৰাস পাইছে। যদিও নদীপথেৰে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত আছে৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি দীৰ্ঘ দিনে গো মাফিয়া ছিণ্ডিকেট চক্ৰই চলাই গৈছে ভয়াৱহ চোৰাং কাৰবাৰ৷ যাৰ প্ৰভাৱ উজনিৰ শিৱসাগৰ জিলা নাজিৰাত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে।

