নগাঁও : নগাঁও ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা নগাঁও আৰু নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন” ৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়। এই উপলক্ষে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভা খনিত সভাপতিত্ব কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন নাথে৷ উক্ত সজাগতা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অতুল পাটৰ, নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদ (DPO), জেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামী আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মা ৷ আজিৰ সমাজত মানসিক ৰোগী সকলে ভুগি অহা বিভিন্ন সমস্যা ৰাজিৰ ওপৰত আলোকপাত কৰি নগাঁৱৰ মনোৰোগ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদে আগবঢ়োবা আদৰণী ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল পাটৰে মানসিক ৰোগী সকলৰ বিভিন্ন দিশ সমূহৰ ওপৰত এটি চমু ভাষণ প্ৰদান কৰে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ’লে ইয়াৰ প্ৰতিকাৰো হয় বুলি মতপ্ৰকাশ কৰি তেওঁ এক তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই মানসিক ৰোগীসকলৰ উৎকৰ্ষ সাধন সম্পৰ্কত এক ভাষণ প্ৰদান কৰে। নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন”ৰ এজন অন্যতম বিষয়ববীয়া জ্যোতিপ্ৰসাদ বৰাই আঁতধৰা অনুষ্ঠানটোত জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ দ্বাৰা “জ্ঞানম-সুন্দৰম” নামৰ এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷ জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ মনোৰোগ সমাজ-সেৱিকা মনিমালা বৰাই শলাগৰ শৰাই আগবঢ়োৱা সজাগতা সভাখনিত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰাৰ লগতে জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ কৰ্মচাৰী ক্ৰমে-গীতামনি বৰুৱা, (নৈদানিক মনোবিজ্ঞানী) অবনিতা শইকীয়া (তথ্য সংগ্ৰাহক)ৰ ওপৰি অন্যান্য কৰ্মচাৰী সকল উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…