Breaking

মৰিগাঁও জিলাত সংঘটিত কোটি টকীয়া সংখ্যালঘু ছাত্র বৃত্তি কেলেংকাৰীত গ্ৰেপ্তাৰ লাহৰীঘাটৰ বিজেপি নেতা : বিজেপি নেতাৰ লগতে আৰু ২ জন চি এচ পিক গ্ৰেপ্তাৰ

0 1,380

ভূৰাগাওঁ : মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নেতৃত্বত চলা এক অভিযানত লাহৰীঘাট থানাৰ অন্তৰ্গত তিনিচুকীয়া বজাৰৰ পৰা কোটি টকীয়া সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত মহম্মদ আলী জিন্না নামৰ বিজেপি নেতাজনৰ লগতে তাইজুল ইছলাম আৰু ৰুহুল আমিন নামৰ আন দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত জিন্না কুশতলি মণ্ডল বিজেপিৰ উপ-সভাপতি হোৱাৰ উপৰিও তুলসীবৰি গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক পঞ্চায়ত সদস্যাৰ স্বামী বুলি জানিব পৰা গৈছে। আনহাতে পেছাত বেংক গ্ৰাহক কেন্দ্ৰৰ সেৱক মহম্মদ আলি জিন্নাই তিনিচুকীয়া বজাৰত স্থাপন কৰা এছবিআই বেংকৰ চিএছপিৰ মাধ্যমৰে সংখ্যালঘু বৃত্তিৰ ধন হৰলুকিৰ দৰে দুষ্কাৰ্যত জড়িত বুলি অভিযোগ উঠিছে। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ধৃত জিন্নাই ভুৱা নথিপত্ৰৰে বহুলোকৰ নামত ভূৱা একাউণ্ট খুলি সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ নামত আবন্টিত জলপানিৰ ধন আত্মসাৎ কৰি অহা বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে। সেই অভিযোগৰ ভিত্তিত মৰিগাঁও জিলাত সংখ্যালঘু বৃত্তি কেলেংকাৰী আৰু চাইবাৰ অপৰাধৰ গোচৰ তদন্ত কৰি অহা মৰিগাঁও আৰক্ষীয়ে লাহৰীঘাটৰ তিনিচুকীয়াৰ পৰা বিজেপি নেতা মহম্মদ আলি জিন্নাক গ্ৰেপ্তাৰ কৰা লগতে ধৃত জিন্নাৰ চিএছপি পৰা কম্পিউটাৰ সহ বহু নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে বাতৰি লিখা পৰলৈকে সংবাদ মাধ্যমক কোনো তথ্য অৱগত নকৰা মৰিগাঁও আৰক্ষীৰ শীৰ্ষ নেতৃত্বই। আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ শাসকীয় বিজেপি দলৰ ইজনৰ পিছত সিজন নেতা বিভিন্ন কেলেংকাৰীত জড়িত হোৱা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে। লাহৰীঘাটৰ বিজেপি নেতা মহম্মদ আলি জিন্নাই নিজৰ sbi csp কেন্দ্ৰটোৰ জড়িয়তে শতাধিক লোকৰ ভূৱা একাউণ্ট খুলি ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰে। ইতিমধ্য উক্ত বিষয়টো সন্দৰ্ভত লাহৰীঘাট থানাত ৪০৭/২০ নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/৪৭১ /৩৪ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply