Breaking

১৪ মাহ গৃহবন্দীৰ পাছত মুকলি আকাশৰ তললৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি

0 1,330

ডিজিটেল ডেস্কঃ যোৱা বৰ্ষৰ ৪ আগষ্টত জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰাৰ লগতে বিশেষাধিকাৰ লৈ লোৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক গৃহবন্দী কৰিছিল চৰকাৰে ৷ অৱশেষত ১৪ মাহৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহিল জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি ৷ এই কথা সদৰী কৰিছে জম্মু কাশ্মীৰৰ চৰকাৰৰ প্ৰবক্তা ৰোহিত কঞ্চলে ৷ মুক্তিৰ পিছতেই মেহবুবাই কয় যে “দিল্লীয়ে ৫ আগষ্টত অবৈধ আৰু অগণতান্ত্ৰিকভাৱে আমাৰ পৰা কি কি লৈছিল এতিয়া সেয়া মনত পেলোৱাৰ সময় ৷ মই যি হেৰুৱালো সেয়া মোক পুনৰ লাগে ৷” গৃহবন্দীৰ পৰা মুক্তি লাভ কৰিয়ে টুইটাৰ জৰিয়তে মুফতিয়ে কয় ‘‘মই প্ৰায় এবছৰতকৈ অধিক সময় গৃহবন্দী হৈ থাকিলো। ২০১৯ ৰ ৫ আগষ্টৰ সেই ক’লা দিনটোৱে মোৰ হৃদয় আৰু আত্মাক সদায় বিন্ধি থাকে। মই জানো মোৰ দৰে পৰিস্থিতি জম্মু কাশ্মীৰীৰ প্ৰায় জনতাৰে হৈছে। কাৰণ সেই দিনটোৰ স্মৃতি কোনেও পাহৰিব নোৱাৰে’’ ৷

Leave A Reply