Breaking

ৰঙালী বিহুত মহানগৰীৰ বিভিন্ন বিহুমঞ্চত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান

0 102

ব’হাগ মাহটোত মহানগৰীৰ বিভিন্ন বিহু মঞ্চত পৰিবহণ বিভাগে পথ-সুৰক্ষা সজাগতাৰ এলানি ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে৷

যান-বাহন চলোৱাৰ সময়ত মানি চলিবলগীয়া সজাগতা, নীতি-নিৰ্দেশনাসমূহ বিহুৰ আয়োজক, অগণন শ্ৰোতা-দৰ্শকৰ মাজেদি সমাজৰ বিভিন্ন স্তৰলৈ আগবঢ়াই নি ব্যাপক জনসচেতনতা গঢ়ি অসমৰ বিভিন্ন ঠাইৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত সদাসুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে পৰিবহণ বিভাগে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

বিগত সময়চোৱাত মহানগৰীৰ আদিংগিৰী, সাওঁকুছি, উলুনী জোনাকী নগৰ, ৰাজগড়, চন্দ্ৰপুৰ, খানাপাৰাকে ধৰি বিভিন্ন বিহু মঞ্চত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে “আহক ৰাইজ আমি সকলোৱে পঞ্চসূত্ৰ মানি চলোঁ” শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলায়।

উল্লেখ্য যে, বিহু সন্মিলনী সমূহৰ আমন্ত্ৰণক্ৰমে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বিহু মঞ্চৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সজাগতা বিষয়ক বক্তব্য আগবঢ়োৱাৰ পিছতে “পথ-সুৰক্ষা”ৰ নীতি-নিৰ্দেশনা সমূহক মূল বিষয় হিচাপে লৈ জিলা পথ-সুৰক্ষা সমিতিৰ দ্বাৰা অনুমোদিত, বেচৰকাৰী সংস্থা “নেডফিমচ”ৰ সহযোগত বিশেষভাৱে গঠিত বিহুহুচৰি দলে হাতে হাতে সজাগতা প্লেকাৰ্ড লৈ ব্যতিক্ৰমী বিহু হুচৰি পৰিবেশন কৰে ৷

প্ৰতিগৰাকী নাচনীয়ে হাতে হাতে পথ-সুৰক্ষাৰ বাণী সম্বলিত প্লেকাৰ্ড লৈ ঢোলৰ ছেৱে ছেৱে মঞ্চত প্ৰৱেশ কৰাৰ দৃশ্য আৰু বিহুৱাই পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত গোৱা বিহুনামে উপষ্ঠিত সকলো দৰ্শককে যানবাহন চলাচল আৰু পথত যাতায়াত কৰোতে মানি চলিবলগীয়া বাণী সন্দৰ্ভত ভৱাই তোলে ৷

বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহত আমন্ত্ৰিত অতিথিৰ ভাষণ দি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সকলোকে যানবাহন চলোৱাৰ সময়ত “পঞ্চসূত্ৰ” মানি চলাৰ লগতে অনান্য সকলো সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাই কয় যে দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰক, কেতিয়াও সুৰাপান কৰি আৰু ম’বাইলত কথা পাতি গাড়ী নচলাব ৷

তদুপৰি “তীব্ৰগতি স্বৰ্গগতি” বুলি উল্লেখ কৰি সকলোকে নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে আহ্বান জনায়। উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আনন্দ, উলাহৰ মাজতে পৰিবহণ বিভাগে বিহুৰ চলেৰে গ্ৰহণ কৰা পথ-সুৰক্ষা সজাগতাৰ এই গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী কাৰ্যসূচীয়ে মহানগৰীৰ সৰ্বস্তৰৰ লক্ষাধিক লোকৰ মাজত সজাগতা সৃষ্টি কৰে ৷

Leave A Reply