বাংগালুৰুত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা ২০২৩ ত ২ টা সোণ আৰু ২ টা ৰূপৰ পদকেৰে মৰাণলৈ গৌৰৱ কঢ়িয়ালে তিনিগৰাকী খেলুৱৈয়ে। প্ৰতিযোগিতাখনত মৰাণ বটামৰাৰ মাইনা গগৈয়ে বাওঁহাতৰ খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনিত মাইনাই ৭৮ কেজি শাখাত অংশ লৈছিল। আনহাতে মৰাণ কুশল নগৰৰ ৰক্তিম গগৈয়ে ৭০ কেজি অনুৰ্দ্ধ শাখাত অংশ লৈ বাওঁহাতৰ খেলত সোণৰ পদক আৰু সোঁহাতৰ খেলত ৰূপৰ পদক লাভ কৰে। আন এগৰাকী খেলুৱৈ কাকুশ্ৰী বৰুৱাই ৭৪ কেজি শাখাত অংশগ্ৰহন কৰি ৰূপৰ পদক লাভ কৰে। তিনিওগৰাকী খেলুৱৈয়ে প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰিছিল।
এই পদকৰ জৰিয়তে তিনিওগৰাকী খেলুৱৈয়ে অহা চেপ্টেম্বৰ মাহত মালয়েচিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অংশগ্ৰহনৰ বাবে সুযোগ লাভ কৰিছে। কিন্তু আৰ্থিক দিশত কিছু পিছপৰি ৰোৱা খেলুৱৈকেইগৰাকীয়ে এই প্ৰতিযোগিতাৰ বাবে ৰাজ্যবাসীৰ পৰা সহায় সহযোগিতা কামনা কৰিছে।