সাপকাটা ভি চি ডি চিৰ কাৰ্যলয়ৰ লাইখুঁটা স্থাপন…

বি টি আৰৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত সাপকাটা ভি চি ডি চিৰ কাৰ্যালয়ৰ আজি লাইখুঁটা স্থাাপন কৰা হয়৷ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক জিৰন বসুমাতাৰীয়ে লাইখুঁটা স্থাপন কৰি বিধায়ক বসুমাতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বি টি আৰৰ প্ৰমোদ বড়ো নেতৃত্বতাধীন বি টি আৰ চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বহু কাম কৰি আছে ৷ তাৰে এটা অংশ হৈছে বি টি আৰৰ প্ৰতিটো সমষ্টিত ভি চি ডি চিৰ কাৰ্য্যলয় নিৰ্মানৰ কাম দ্ৰুতগতিত চলি আছে ৷

ৰাইজে ভি চি ডি চি পৰ্যায়ৰ কাম- কাজ সমূহ ভি চি ডি চিৰ কাৰ্যালয়তে কৰাৰ সুবিধা লাভ কৰিব ৷ ভি চি ডি চিৰ কাৰ্যালয় নিৰ্মান হোৱাৰ লগে লগে সাপকাটা অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃৃ হ’ব বুলি আশা প্ৰকাশ কৰে ৷ ভি চি ডি চিৰ কৰ্যালয়টো ২৫ লাখ টকাৰ ব্যয়সাপেক্ষ নিৰ্মান হ’ব বুলিও সদৰী কৰে বিধায়ক গৰাকীয়ে ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Related Articles