দৈনন্দিন বাৰ্তা সেৱাঃ অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰ। মঙলবাৰে এই কথা সদৰী কৰিলে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে। ভাৰত-চীনৰ মাজত চলি থকা বিবাদৰ লগতে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিৰ এই ভ্ৰমণকালত।
ভাৰতৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ‘ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াত বহুত প্ৰতিভাশালী লোক আছে আৰু তেওঁলোকে হিমালয়ত প্ৰতিদিনে চীনৰ আক্ৰমক স্থিতিৰ সৈতে মোকাবিলা কৰে’ বুলি উল্লেক কৰে। ভাৰত-চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ দুই মন্ত্ৰীৰ আগমনে আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

