দৈনন্দিন দবাৰ্ত সেৱা, ডিব্ৰুগড়ঃ সমগ্ৰ অসমৰ লগতে আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নৰ ডিব্ৰুগড় শাখাই এছঃবিঃদি প্ৰতিবাদ জনায় এক প্ৰতিলিপি দাহ কাৰ্য্যসূচী ৰূপায়ন কৰে। বিদুৎ খণ্ড ব্যক্তিগতকৰন বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰন বন্ধ কৰক আদি বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰি আনাগত দিনত ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰন বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়।
আগন্তক দিনত সমস্যা সামাধান নহলে আছাম ষ্টেট পাৱাৰ উকাৰ্চ ইউনিয়নে ইয়াতকৈ তীব্ৰ অন্দোলনৰ কাৰ্যসূচি ৰূপায়নৰ কৰিব বুলি জানিবলৈ দিয়ে। কাৰ্য্যসূচীত উপস্তিত থাকে কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি লিলা চাংমাই, উপ-সভাপতি সুখেন গগৈ, ডিব্ৰুগড় শাখাৰ সভাপতি থানুৰাম ফুকন, সম্পাদক বিপ্লৱ গোঁহাই, চাপ্লাই শাখাৰ সম্পাদক বিপুল কোৱৰ লগতে বহু সংখ্যাক কৰ্মচাৰি উপস্থিত থাকি পতিবাদ সাব্যস্থ কৰা দেখা যায়।

