শিৱসাগৰ ঐতিহাসিক দেবী-দৌলত দুৰ্গা পূজাত উছাহহীন পৰিৱেশ

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমী বিহিত পূজা। শিৱসাগৰৰ ঐতিহাসিক দেবী-দৌলত অইন বৰ্ষ সমূহৰ দৰে এইবেলিও স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা। শিৱসাগৰৰ দেবী-দৌলৰ আছে ২৮৬ বছৰীয়া এক ইতিহাস।

১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল তিনিটা দৌল ক্ৰমে শিৱদৌল, দেবী-দৌল আৰু বিষ্ণুদৌল। তেতিয়াৰে পৰাই শিৱদৌল আৰু দেবী-দৌলত দৈনিক পূজা-অৰ্চনা অব্যাহত আছে।

মহামাৰীৰ ভয়াবহতাৰে বাবে এইবাৰ দেবী-দৌলত ভক্তৰ বাবে বন্ধ থাকিব বলি-বিধান। ভক্তৰ মংগলৰ বাবে কেৱল আয়োজক সমিতিয়ে সপ্তমী, অষ্টমী আৰু নৱমীত পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰিব বলি। আনহাতে ভক্তসকলে বলিৰ বাবে হাঁহ, পাৰ, ছাগলী আদি উছৰ্গা কৰিব পাৰিব।

দেৱীৰ বাবে উছৰ্গা কৰা সামগ্ৰী ইচ্ছা কৰিলে ভক্তসকলে ঘৰলৈ লৈ যাব পাৰিব অথবা এৰি যাব পাৰিব দৌল চৌহদত। দেশ-বিদেশৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ লানি নিচিগা সোতৰ বিপৰিতে এইবাৰ দেবী-দৌলত দেখা গৈছে অন্য এক পৰিৱেশ।

Related Articles