কেৱল আনুষ্ঠানিকতাহে ৰক্ষা, জামুগুৰিহাট পূজা কমিতিৰ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ পূৰ্ৱৰ দৰে এইবেলি জামুগুৰিহাটৰ পূজাত নাই কোনো উচাহ উদ্দিপনা৷ পূজাৰ ভিন্নৰঙী বেলুন-পেপা-পূজাৰ বন্দুক আদি বিক্ৰী কৰা অস্থায়ী দোকানৰ নাই কোনো সমাহাৰ৷ ষষ্ঠীৰ দিনটোত জামুগুৰিহাটৰ পূজা সমিতিসমুহৰ কেৱল তিনিখন কমিতিয়েহে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰতিমা স্থাপন কৰা দেখা পোৱা গ’ল৷

প্ৰতিমা স্থাপনৰ সময়তো আধ্যাত্মিকতাক প্ৰাধান্য দি পূজা কমিটিসমুহে পূজাৰ বেদিত স্থাপন কৰিছে দেৱী দূৰ্গাৰ মূৰ্তি৷ পূৰ্ৱৰ দৰে প্ৰতিমা স্থাপনৰ সময়ত দেখা পোৱা নগ’ল পূজাৰ অন্যতম আকৰ্ষণ কেবাটাও ঢাক বাদ্যৰ সংমিশ্ৰণৰ শব্দ৷ জামুগুৰিহাটৰ অন্যতম দূৰ্গা পূজা কমিটি জামুগুৰি সাৰ্বজনীন দূৰ্গা পূজা কমিতিয়েও আনুষ্ঠানিকভাৱে ষষ্ঠীৰ দিনটোত সৰু প্ৰতিমা স্থাপন কৰাৰ বিপৰীতে দৈনিক বজাৰ পুজা সমিতিয়েও একেদৰেই প্ৰতিমা স্থাপন কৰি সপ্তমীৰ আজিৰ দিনটোত আধ্যাত্মিকতাক গুৰুত্ব দি পূজা আৰম্ভ কৰা দেখা পোৱা গৈছে৷

অৱশ্যে পূজা সমিতিসমুহে চৰকাৰী নীতি নিয়ম সম্পূৰ্ণৰূপে পালন কৰি পূজা আৰম্ভ কৰিছে৷ ইয়াৰোপৰি প্ৰগতিশীল ব্ৰাহ্মণ সমাজৰ সাৰ্বজনীন দূৰ্গা পূজাভাগ এইবেলি প্ৰতিমা নোহোৱাকৈ ঘটত স্থাপন কৰি সম্পূৰ্ণ বৈদিক নিয়মৰে আয়োজন কৰিছে৷আনহাতে জন্মলগ্নৰে পৰা বাহ্যিকতাৰ বিপৰীতে আধ্যাত্মিকতাক মুলধন হিচাপে লৈ আগবঢ়া তথা ৰূপালী আৰু সোণালী জয়ন্তী বৰ্ষ গৰকী ৬৯ ত্বম বৰ্ষত পদাৰ্পণ কৰা জামুগুৰি মংঙ্গলময়ী পূজা কমিটিয়ে ক’ভিড ১৯ ৰ ভয়াবহতা প্ৰতি গুৰুত্ব প্ৰদান কৰি কেৱল বিল্ব বৃক্ষৰ তলত ধূপ দ্বীপ নৈৱদ্য প্ৰদান কৰিয়েই ৬৯ ত্বম বৰ্ষৰ কাৰ্য্যসুচীৰ যৱনিকা পেলাই৷

অৱশ্যে ষষ্ঠীৰ দিনটোত দেৱীৰ প্ৰতিমা স্থাপন কৰা মণ্ডপত আজিও সপ্তমীৰ দিনটোত পূজা আৰম্ভ হৈছে যদিও পূজাথলীত ভক্তৰ ভিৰ পূৰ্ৱৰদৰে দেখা পোৱা নাই৷ ঠিক একেদৰে পূজা বুলি ক’লেই বেলুন,পেপা,প্লাষ্টিকৰ বন্দুক আদি ক্ৰয় কৰি আনন্দোল্লাস কৰাৰ সমান্তৰালকৈ পূজাৰ সময়ত সুস্বাদু জেলেপীৰ গুৰুত্বও কম নাছিল যদিও এইবেলি জামুগুৰিহাটৰ মিঠাইৰ দোকানসমুহত জেলেপী বিচৰা গ্ৰাহকৰ নাই কোনো ভিৰ৷

পূৰ্ৱে মিঠাইৰ দোকানসমুহত দেখা পোৱা ৰং বিৰঙি মিঠাই তথা জেলেপী বিক্ৰী কৰাৰ এক অঘোষিত প্ৰতিযোগীতাৰ ছবিখন এইবেলি সম্পূৰ্ণ বিপৰীত দেখা পোৱা গৈছে৷ মিঠাইৰ দোকানসমুহত আজিৰ দিনটোতো গ্ৰাহকৰ কোনো ভিৰ দেখা পৰিলক্ষিত হোৱা নাই৷

ক’ভিডৰ ভয়াবহতা আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবেই এইবেলি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো পূজাত নাই উচাহ উদ্দিপনা,নাই জনসমাগম৷ অৱশ্যে প্ৰতিমাৰ বেদিত পূজাৰ সময়ত দেৱীৰ চৰণত সেৱা লৈ উপস্থিত ভক্তপ্ৰাণ লোকসকলে পৃথিৱীলৈ সুখ শান্তি সমৃদ্ধি ঘুৰাই অনাৰ বাবেও প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে৷

Related Articles