অৰুনোদয় একাডেমী টংলাৰ ১৬ তম প্ৰতিষ্ঠা দিৱস, মেধাৱী শিক্ষার্থীক সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলাঃ সু প্ৰশাসনে বিদ্যালয়ৰ মানদণ্ড উন্নত কৰে। বিদ্যালয়ৰ প্ৰশাসনে অনুষ্ঠানখনৰ পৰিচালনাতসদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষানুষ্ঠান খনৰ ভাল ফলাফলৰ অন্তৰালত ভাল প্ৰশাসনে নিৰ্ণায়ক ভূমিকা পালন কৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য অৱসৰ প্ৰাপ্ত জিলা পশু চিকিৎসা বিষয়া ডা নৰম চন্দ্ৰ কছাৰীৰ।

ৰাজ্যখনৰ ভিতৰতে অগ্ৰণী শিক্ষানুষ্ঠান তথা ওদালগুৰি জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ টংলাস্থিত অৰুনোদয় একাডেমী, টংলা ৰ ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এইদৰে কয়। তেওঁ ভাষণ প্ৰসংগত শিক্ষাৰ্থী সকলৰ শীৰ্ষ স্থান দখল কৰাই শেষ প্ৰাপ্তি নহয়। ভাল ফলাফল প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থীৰ মন সদায় সুদৃঢ় আৰু কঠোৰ পৰিশ্ৰমী হব লাগিব।

সৎ সংগ শিক্ষাৰ্থী সকলৰ বাবে গুৰুত্বপূৰ্ণ বিষয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ডা নৰম চন্দ্ৰ কছাৰীয়ে। উল্লেখযোগ্য যে, ২০০৬ চনত বৃহত্তৰ টংলা অঞ্চলৰ বহু কেইগৰাকী শিক্ষিত যুৱকে শিক্ষাৰ ক্ষেত্ৰত নতুন চিন্তাৰে প্ৰতিষ্ঠা কৰা অৰুনোদয় একাডেমী, টংলা ৰ সৃষ্টি বহু প্ৰতিভাৱান শিক্ষাৰ্থীয়ে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি শিক্ষানুষ্ঠানখনে চানশ্ৰী নাৰ্জাৰী(এনইইটি), সুৰজ দাস(এনইইটি), ৰতন বড়ো(এনআইটি) আৰু ভাৰ্গব কছাৰী(আইআইটি)ক ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ শিক্ষক তপন মহন্ত আৰু তীৰ্থাংকৰ ভট্টাচাৰ্য্যই আঁত ধৰা অনুষ্ঠানত আৰম্ভণিতে অৰুনোদয় একাডেমীৰ জন্মলগ্নৰ পৰা ১৫ বছৰীয়া ইতিহাস দাঙিধৰে শিক্ষানুষ্ঠানখনৰ অন্যতম প্ৰতিস্থাপক লক্ষ্মী কান্ত ৰামচিয়াৰীয়ে। কেক কাটি গীত পৰিৱেশন কৰি অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰুনোদয় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ জ্যোতি দাস, অৰুনোদয় একাডেমী টংলাৰ অধ্যক্ষ নেপোলিয়ন দৈমাৰী আৰু সম্বৰ্ধনা লাভ কৰা শিক্ষাৰ্থীসকলে নিজৰ নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সভাত ভাষণ প্ৰদান কৰে।

Related Articles