দেৰগাঁৱৰ প্ৰশান্ত বৰঠাকুৰ নামৰ এজন উচ্চ শিক্ষিত ব্ৰহ্মচাৰী প্ৰশান্ত বৰঠাকুৰৰ কৰুণ জীৱন গাথা। প্ৰাক্তন কটনিয়ান প্ৰশান্ত বৰঠাকুৰ ইংৰাজী বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সহপাঠী আছিল। অসম আন্দোলনত নিৰ্যাতিত প্ৰশান্ত বৰঠাকুৰ আজিও অৱহেলিত কিয়, তাকে লৈ প্ৰশ্ন সকলোৰে মনত? প্ৰাক্তন কটনিয়ান এসময়ত শিক্ষকতা কৰা বৰঠাকুৰৰ পৰিচয় সম্প্ৰতি এটা জৰাজীৰ্ণ ঘৰ ।
এগৰাকী ব্ৰহ্মচাৰী। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকলৈ অধ্যয়নৰ বাবে গৈছিল গুৱাহাটী কটন কলেজলৈ। সেই সময়ত সহপাঠী হিচাপে সান্নিধ্য লাভ কৰিছিল অসমৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ৬২ বছৰীয়া প্ৰশান্ত বৰঠাকুৰৰ এতিয়া পৰিচয় গোলাঘাট জিলা দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ এজন শাক-পাচলিৰ গুটি বেপাৰী। জীৱনৰ মায়া মোহ ত্যাগ কৰি ব্ৰহ্মচাৰী জীৱন অতিবাহিত কৰা উচ্চ শিক্ষিত বৰঠাকুৰে এসময়ত নাগালেণ্ড,নেপালত শিক্ষকতা কৰিছিল। শিক্ষাৰ পোহৰ বিলোৱা মানুহজন আজি নিজেই অন্ধকাৰত থাকিবলগীয়া হৈছে।
আনহাতে ৮০ ৰ দশকৰ তেজে ধোৱা আন্দোলনৰ সাক্ষী হৈ নিৰ্যাতিত হৈ আঘাত প্ৰাপ্ত হৈছিল প্ৰশান্ত বৰঠাকুৰ।কিন্তু এই গৰাকী লোকৰ এতিয়া নাই থাকিবলৈ এটা ঘৰ,নাই বিদ্যুত যোগান,কটাইছে উৰুখা পঁজাত। বৰষুণ দিলেই উপচি পৰে পানী, এনেদৰে জীৱন কটাইছে প্ৰশান্ত বৰঠাকুৰে। সময় হ’বনে জনপ্ৰতিনিধিৰ, এইগৰাকী দুৰ্ভগীয়া ব্যক্তিৰ প্ৰতি এবাৰ হ’লেও দৃষ্টি দিবলৈ? বৰ্তমান সময়ত ই এটা ডাঙৰ প্ৰশ্ন।

