মৰিয়নি মাৰ্চেল আৰ্ট একাডেমীৰ উদ্যোগত তথা মুখ্য প্ৰক্ষিক্ষক ত্ৰিদিপ গগৈৰ প্ৰচেষ্টাত প্ৰথম বাৰৰ বাবে মৰিয়নিত অনুষ্ঠিত কৰা হৈছে সমৰকলাবিদ দ্বীপজ্যোতি সন্দীকৈ সোঁৱৰণী কাৰাটে প্ৰতিযোগিতা। সদৌ অসম ভিত্তিত আয়োজিত এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰে ৰাজ্যৰ ২০ খন জিলাৰ প্ৰায় ৫০০ জন কেৰাটে খেলুৱৈয়ে।

মৰিয়নি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা খেলখনত সম্বৰ্ধনা জনোৱা হয় এসময়ৰ মৰিয়নিৰ সুদক্ষ সমৰকলা খেলোৱৈ প্ৰয়াত বসন্ত গগৈ,বেনদাং হাজৰিকা,মানিক মিপুণ,ৰবি ৰেড্ডীৰ পৰিয়ালবৰ্গক। খেলখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰী।


