ওদালগুৰিস্থিত Asoboford Academy Sr Secondary schoolত যোৱা ৪ জুলাই তাৰিখৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিশেষ শৈক্ষিক কৰ্মশালা খন দেওবাৰে সামৰণি পৰে। বিদ্যালয় খনৰ শিক্ষয়িত্ৰী পল্লৱী দাসে আঁত ধৰা অনুষ্ঠানটোত সভাপতি হিচাপে বিদ্যালয়ৰ অধ্যক্ষ ৰাহুল ব্ৰহ্মই সভাখন পৰিচালনা কৰে। সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিবেশন কৰে। বিশেষকৈ ৰঞ্জু শৰ্মা আৰু ডালিম মেধিৰ পৰিচালনাৰে ছাত্ৰ-ছাত্ৰী সকলে ছুটি নাট প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰে।

ছাত্ৰ ছাত্ৰী সকলে নৃত্য-গীত আৰু বক্তৃতাও প্ৰদান কৰি অনুষ্ঠানটোতৰ সাফল্য প্ৰদৰ্শিত কৰে। শিক্ষক লক্ষ্মণ উপাধ্যায়ে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক মই কোনো ধৰণৰ মানসিক-শাৰীৰিক তথা বৌদ্ধিক বিকাশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় ৰেড ক্ৰছ ছছাইটি ওদালগুৰি জিলা শাখাৰ সম্পাদক মিলন দাসে শিশু সকলৰ অধিকাৰ তথা চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰে তথা যি কোনো বিপদত ১০৯৮ নম্বৰত ফোন কৰিবলৈ আহ্বান জনায়।

