সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে কঁপিল মুকালমুৱা ৷ বৰক্ষেত্ৰী এৰি অইন সমষ্টিত চামিল নোহোৱাৰ হুংকাৰ…

নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা খচৰাক লৈ উত্তপ্ত হৈ আছে নলবাৰীৰ মুকালমুৱা ৷ নিৰ্বাচন আয়োগে ৬০নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিটোৰ পৰা জধে মধে গাঁও কৰ্তন কৰি অইন সমষ্টিত চামিল কৰাত প্ৰতিবাদ অব্যাহত আছে মুকালমুৱাত ৷ বৰক্ষেত্ৰীৰ চাৰি মৌজাৰে গঠিত “বৰক্ষেত্ৰী মৌজা সন্মিলনী”য়ে আজি নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধীতা কৰি মুকালমুৱাত সাৱ্যস্ত কৰে প্ৰতিবাদ ৷ বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ উদ্যোগত বৰক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ শ শ লোকে ৰাজপথলৈ ওলাই আহি প্ৰৱল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বৰক্ষেত্ৰী মৌজা সন্মিলনীয়ে মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগান প্ৰদান কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷

চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে সমষ্টি পুনৰ নিৰ্ধাৰণ আমি কোনোপধ্যেই নামানো, চাৰি মৌজাৰ এক অংশও এৰি দিয়া নহব, বৰক্ষেত্ৰীৰ সৰ্বস্তৰৰ লোক এক হওক, আমাৰ দাবী নায্য দাবী, তেজ দিম বৰক্ষেত্ৰী সমষ্টি কৰ্তন কৰিবলৈ দিয়া নহব, we want justice ইত্যাদি ধ্বনি প্ৰদান কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ মৌজা সন্মিলনীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়ৰ জড়িয়তে অসমৰ নিৰ্বাচনী বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ গুঢ়ি ধৰোঁতা শ্বেইখ মোৱাৰক হুছেইন, মৌজা সন্মিলনীৰ সাধাৰণ সম্পাদক খাইৰুল হক চৌধুৰী, সম্পাদক জাকিৰ হুছেইন শইকীয়া, সমাজকৰ্মী জগদাচৰণ তালুকদাৰ, বসন্ত মেধি, শান্তনু কলিতা, চালেহা বেগমকে ধৰি নিৰ্বাচন আয়োগৰ খচৰাত বৰক্ষেত্ৰী সমষ্টিৰ পৰা কৰ্তন হোৱা ভালে কেইখন গাঁৱৰ পাঁচ শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ১৯৭৮ চনত গঠিত ৬০নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিটোৰ পৰা নিৰ্বাচন আয়োগে কে’বাখনো গাঁও কৰ্তন কৰি নলবাৰী আৰু নতুনকৈ গঠিত টিহু সমষ্টিত সংলগ্ন কৰাৰ কথা খচৰাত উল্লেখ কৰি প্ৰকাশ কৰিছে ৷

Related Articles