নাজিৰাৰ বামুনপুখুৰী আৰু সীমান্তৱৰ্তী চণ্টক, বিহুবৰত বানৰ বিভীষিকা। দিখৌ নদীৰ মথাউৰিৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি, পানীৰ তলত শ শ পৰিয়াল। ৰাজ্যত যোৱা কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে নদী সমূহেও নিজৰ গতিপথ সলনি কৰা দেখা গৈছে। নাজিৰাৰ বামুনপুখুৰী আৰু সীমান্তৱৰ্তী চণ্টক, বিহুবৰ চাহ বাগিছাত বানৰ বিভীষিকা। আনহাতে দিখৌ নদীৰ মথাউৰিৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি। বামুনপুখুৰী, চণ্টক আৰু বিহুবৰ চাহ বাগিছাত পানীৰ তলত শতাধিক পৰিয়াল। নাজিৰা ৰাজহ চক্ৰ বিষয়া অথবা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ। যাৰ বাবে শতাধিক পৰিয়ালে এতিয়া অনাহাৰে থাকিব লগীয়া হৈছে। দিখৌৰ বাঢ়নী পানীয়ে নাজিৰাৰ সীমান্তৱৰ্তী বিহুবৰ নাগিনীমৰা সংযোগী পথৰ লগতে ভয়ংকৰ গৰাখহনীয়া ফলত ছিঙিব পাৰে দিখৌ নদীৰ মথাউৰি। যিকোনো মুহূৰ্তত হ’ব পাৰে সংযোগ বিচ্ছিন্ন ।

আনহাতে বিহুবৰৰ বিবাদমান এলেকাত দুই ৰাজ্যৰ মাজত থকা দিখৌ নদীত দিনে-নিশাই অবৈধ ভাৱে শিল আৰু পলস খনন হোৱাৰ বিপৰীতে ধাৰাসাৰ বৰষুণৰ ফলত ওচৰতে থকা পাহাৰৰ পৰা তীব্ৰ গতিত নামি অহা পানীয়ে এই বানৰ সৃষ্টি কৰিছে। শিল আৰু পলসৰ বৃহৎ বৃহৎ পুখুৰী সদৃশ হ্ৰদ বোৰত পানীৰ পৰিমান বৃদ্ধি হৈ পৰাৰ সমান্তৰালকৈ দৈনিক পানী পৰিবাহী পুল আৰু নলা সমূহ পুতি পেলোৱাৰ ফলত দিখৌ নদীৰ গৰাখহনীয়া মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজিৰকালৈ অনুৰোধ যাতে ৰাইজৰ এই সমস্য়া সমূহ সোনকালে সমাধান কৰি দিয়ে।

