Breaking

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম ঘোষণা

0 39

দৈনন্দিন বাৰ্তা সেৱাঃ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম সোমবাৰে বিচিচিআইয়ে ঘোষণা কৰে। সুনীল যোশী নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়েঅষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা নৱেম্বৰ–ডিচেম্বৰত খেলিবলগীয়া ৩খন টি-২০, ৩খন এদিনীয়া,আৰু ৪ খন টেষ্ট শৃংখলালৈ ঘোষণা কৰিলে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম৷ আনহাতে চলিত বৰ্ষৰ আইপিএলৰ পিছতে আৰম্ভ হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে ঘোষিত দলকেইটাৰ পৰা বাহিৰ হৈছে অ’পেনাৰ ৰোহিত শর্মা৷

হেমষ্ট্রিঙৰ আঘাতৰ বাবে তাৰকা বেটছমেন গৰাকীক দলত অন্তর্ভুক্ত কৰা নাই বুলি নির্বাচক মণ্ডলীয়ে জানিবলৈ দিছে৷ ৰোহিত শৰ্মাৰ বিপৰিতে স্থানত মায়ংক আগৰৱালে টি–২০ আৰু এদিনীয়া দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ চলিত বৰ্ষৰ আইপিএলত কলকাতা নাইট ৰাইডার্ছৰ হৈ চমকপ্রদ প্রদর্শন কৰা উদীয়মান স্পিনাৰ বৰুণ চক্রৱর্তীয়েও স্থান লাভ কৰিছে ভাৰতীয় টি–২০ দলত৷

মনকৰিবলগীয়া যে, উইকেটৰক্ষক ঋষভ পণ্ট অ’ভাৰৱেটৰ বাবে টি–২০ আৰু এদিনীয়াত দলৰ পৰা বাদ পৰিছে৷ নতুনকৈ ঘোষণা কৰা দলত কেৱল মাত্ৰ এজন উইকেটৰক্ষক (কে.এল.ৰাহুল) থকাক লৈ কিছু সংখ্যাক ক্ৰীকেট সমালোক তথা অৱসৰী খেলুৱৈ চিন্তিত হোৱা দেখা গৈছে।

কোন খেলুৱৈ কোন দলতঃ

টি–২০ দলটোঃ বিৰাট কোহলি(অধিনায়ক), কে.এল.ৰাহুল (সহঃ অধিনায়ক, উইকেটৰক্ষক), শিখৰ ধাৱন, মায়ংক আগৰৱাল,  শ্রেয়াছ আয়াৰ, মনীষ পাণ্ডে, হার্দিক পাণ্ডিয়া, সঞ্জু ছেমছন, জাদেজা, ৱাশ্বিংটন সুন্দৰ, ছাহাল, বুমৰাহ, মহম্মদ ছামি, নৱদীপ ছাইনী, দীপক চহৰ আৰু বৰুণ চক্রৱর্তী।

এদিনীয়া দলটোঃ কোহলি(অধিনায়ক), ধাৱন, শুভমন, ৰাহুল, আয়াৰ, পাণ্ডে, হার্দিক, মায়ংক, জাদেজা, ছাহাল, কুলদীপ, বুমৰাহ, ছামি, ছাইনী আৰু ছার্দুল।

টেষ্ট দলটোঃ কোহলি(অধিনায়ক), মায়ংক, পৃথ্বিশ্ব, ৰাহুল, পূজাৰা, ৰাহানে, বিহাৰী, শুভমন, শ্বাহা, পণ্ট, বুমৰাহ, ছামি, উমেশ, ছাইনী, কুলদীপ, জাদেজা, ৰবিচন্দ্রন অশ্বিন, আৰু মহম্মদ চিৰাজ৷

Leave A Reply