হাজোত ‘কৰুণাধাৰা’ৰ উদ্যোগত চেক প্ৰদান অনুষ্ঠান। (“কৰুণাধাৰা” লৈ ৫০ হাজাৰ টকাৰ অনুদানেৰে মহানুভৱতাৰ নিদৰ্শন দলৈ শিৱ প্ৰসাদ শৰ্মাৰ)। তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ দোমোঠাৰ গুৰিত “কৰুণাধাৰা” এক হৃদয়ৰ আন্দোলন কামৰূপ জিলা সহায়ক সমিতিৰ উদ্যোগত এটি চেক প্ৰদান অনুষ্ঠান সম্পণ্ণ হ’য়। সেই অনুসৰি এখনি সজাগতা সভা সম্পন্ন হয় । সভাৰ সভাপতিত্ব কৰে কামৰূপ জিলা সহায়ক সমিটিৰ সভাপতি শিৱ প্ৰসাদ শৰ্মা দলৈয়ে । সভাত কৰুণাধাৰা ( হৃদয়ৰ আন্দোলন )ৰ সভাপতি পুতুল চন্দ্ৰ ফুকন, উপ সভানেত্ৰী নীলিমা গোস্বামীয়ে ভাষণ আগবঢ়াই । সভাত কামৰূপ জিলা কমিটিৰ কাৰ্যকৰি সভাপতি সোণ চন্দ্ৰ মালাকৰ, অৱসৰী আৰক্ষী অধিক্ষক দেৱজিৎ দাস, ৰেণু বৰদলৈ, হাজো ৰাইজ কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ ,সমাজ কৰ্মী কিচিন দাস ,প্ৰানজিত দাস ,দেৱজিত হাজৰিকা, বাবুল মজুমদাৰ,বিবেকানন্দ দাসকে প্ৰমূখ্যে প্ৰায়সংখ্যক লোকে উপস্থিত থাকি ” কৰুনাধাৰা” ৰ গঠনমূলক উত্তৰনৰ দিশত সাৱলীল বক্তব্য দাঙি ধৰে।
সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই “কৰুণাধাৰা” কামৰূপ জিলা কমিটিৰ সম্পাদক দ্বীজেন ভৰালীয়ে । সভাত তিনি গৰাকী শাৰিৰীকভাৱে অক্ষম ব্যক্তিক চেক প্ৰদান কৰা হয় । তদুপৰি আজিৰ সভাৰ মূখ্য আকৰ্ষনৰ কেন্দ্ৰবিন্দু সভাপতি শিৱপ্ৰসাদ শৰ্মা দলৈয়ে নিজৰ ব্যক্তিগত ধনৰে ৫০ হাজাৰ টকাৰ অনুদান “কৰুণাধাৰা”লৈ আগবঢ়াই এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । যাৰ বাবে দলৈ শিৱ প্ৰসাদ শৰ্মা দেৱৰ মহানুভৱতাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

