আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য উষ্ম আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান। ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ শংকৰপুৰ খেলপথাৰৰ প্ৰাংগনত উৰিয়ামঘাট আঞ্চলিক আদিবাসী সাংস্কৃতিক সমিতিৰ উদ্যোগত আৰু ন খন গাঁও পঞ্চায়তৰ আদিবাসী ৰাইজৰ সহযোগত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাংক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় ।
এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা খালেক আলি সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় সভাপতি চামুৱেল হেৰেঞ্জ , সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় সম্পাদক মিলিয়ানোছ তিৰ্কি ধনশিৰি আদিবাসী সমিতিৰ সভানেত্ৰী চুচিলা গৈপাইক সৰুপথাৰ মহাবিদ্যালয়ৰ আদিবাসী ছাত্ৰ গোটৰ সম্পাদক কৰন গড়কে প্ৰমুখে কৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।

