Breaking

স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ক্ৰয় কৰিলে ৯৩ লাখ টকীয়া বিলাসী গাড়ী…

0 101

অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ক্ৰয় কৰিলে ৯৩ লাখ টকীয়া ৰেঞ্জ ৰভাৰ ভেলাৰ বিলাসী SUV। দেশৰ প্ৰথম আৰু একমাত্ৰ স্বৰ্ণ পদক লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰা ভাৰতৰ অন্যতম প্ৰখ্যাত ক্ৰীড়াবিদ নীৰজ চোপ্ৰা। পুৰুষৰ জেভলিন নিক্ষেপত স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰাই কেৱল ভাৰতৰ প্ৰথমজনেই নহয়, জেভলিন নিক্ষেপত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন এছিয়ান খেলুৱৈ হিচাপে পৰিগণিত হয়। পিছলৈ তেওঁ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰি জেভলিন থ্ৰ’ত ডাইমণ্ড লীগ চেম্পিয়ন হিচাপে জয়লাভ কৰে, যাৰ ফলত তেওঁ বিশ্বৰ প্ৰথমজন জেভেলিন নিক্ষেপকাৰী হিচাপে পৰিগণিত হয়।

নীৰজ চোপ্ৰাই এতিয়া ক্ৰয় কৰিছে এখন নতুন ক’লা ৰঙৰ ৰেঞ্জ ৰভাৰ ভেলাৰ এছ ইউ ভি গাড়ী ক্ৰয় কৰে। যাৰ মূল্য ৯৩ লাখ টকা। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীৰ নতুন ৰেঞ্জ ৰভাৰ ভেলাৰৰ ছবিখন শেহতীয়াকৈ অনলাইনত শ্বেয়াৰ কৰিছে জাগুয়াৰ – লেণ্ড ৰভাৰৰ অনুমোদিত ডিলাৰশ্বিপ লেণ্ড ৰভাৰ মালৱা অটোমোটিভছে। লেণ্ড ৰভাৰ – মালৱা অটোমোটিভছে তেওঁলোকৰ ফেচবুক পোষ্টত কয়, “আমি মিষ্টাৰ নীৰজ চোপ্ৰাক ৰেঞ্জ ৰভাৰ পৰিয়াললৈ আদৰণি জনাইছো আৰু তেওঁৰ নিউ ৰেঞ্জ ৰভাৰ ভেলাৰৰ বাবে অভিনন্দন জনাইছো।”

নীৰজ চোপ্ৰাৰ পূৰ্বে ৰেঞ্জ ৰভাৰ স্প’ৰ্ট, প্ৰি-অনড নীলা ৰঙৰ ফৰ্ড মুস্তাংগ আৰু অন্যান্য বিলাসী বাহনৰ দৰে গাড়ী আছিল। সোণৰ পদক জয়ৰ পাছত আনন্দ মহিন্দ্ৰাই মহিন্দ্ৰা XUV700 Gold Edition ৰ সন্মানো লাভ কৰে নীৰজ চোপ্ৰাই।

Leave A Reply