দিল্লী বিমানবন্দৰত স্পাইচজেট বিমানত জুই

মঙলবাৰে সন্ধিয়া দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মেৰামতিৰ কামৰ সময়ত গ্ৰাউণ্ডেড স্পাইচজেট কিউ ৪০০ বিমানৰ ইঞ্জিনত জুই লাগে৷

বিষয়াসকলৰ মতে, সকলো জোৱান নিৰাপদ আৰু এই কাণ্ডত কোনো লোক আহত হোৱা নাই। এই সন্দৰ্ভত স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই কয় যে মেৰামতি চলি থকা কিউ ৪০০ বিমানখনৰ এটা ইঞ্জিনত অগ্নিকাণ্ডৰ সতৰ্কবাণী পৰ্যবেক্ষণ কৰা হয় আৰু অগ্নিনিৰ্বাপক যন্ত্ৰটো ডিচাৰ্জ কৰা হয়।

সতৰ্কতামূলক ব্যৱস্থা হিচাপে অগ্নিনিৰ্বাপক বাহিনীক মাতি অনা হয়, আনহাতে সকলো বিমান আৰু ৰক্ষণাবেক্ষণ কৰ্মী নিৰাপদ বুলিও মুখপাত্ৰগৰাকীয়ে লগতে কয়।

ইফালে, বিমানবন্দৰৰ এজন বিষয়াই জনোৱা মতে, নিশা প্ৰায় ৮ বজাত প্ৰথমে মাটিত থকা বিমানখনৰ এটা ইঞ্জিনত অগ্নিকাণ্ডৰ খবৰ পোৱা গৈছিল আৰু পিছত জুই সফলভাৱে নিৰ্বাপিত কৰা হৈছিল।

Related Articles