বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱক আনুষ্ঠানিক বিদায়…

বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱক সোমবাৰে আনুষ্ঠানিকভাৱে কৰ্মস্থলী বোকাখাতৰ পৰা বিদায় জনোৱা হয়। এই সন্দৰ্ভত মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। সভাত বিদায়ী ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীক ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় ।

বোকাখাত মহকুমাত দুবছৰ কাৰ্যকাল সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু সমূহ বোকাখাতবাসী ৰাইজক অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱ ডাঙৰীয়ানীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে বোকাখাতৰ নতুন মহকুমাধিপতি হিচাবে অনাগত কাৰ্যকাল চলাই নিব আই এ এছ চিমি কৰণে।

Related Articles