দুমুনিচকীত বিনামূলীয়া গ্রীষ্মকালীন পাঠদানৰ সামৰণি…

দুমুনিচকীত বিনামূলীয়া গ্রীষ্মকালীন পাঠদানৰ সামৰণি। দৰং জিলাৰ বৃহত্তম দুমুনিচকী অঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান মাৰুৱাচকী যুৱ একতা সংঘৰ উদ্যোগত বিনামূলীয়া গ্রীষ্মকালীন পাঠদান কাৰ্যসূচীৰ আজি সামৰণি পৰে।মাৰুৱাচকী হাইস্কুল প্ৰাঙ্গণত অনুষ্ঠিত উক্ত বিনামূলীয়া গ্রীষ্মকালীন পাঠদান সামৰণি অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী কিৰণ চন্দ্ৰ কাকতি সঞ্চালনাত এখনি মুকলি সভা অনুষ্ঠিত হয় । স্থানীয় যুৱক ৰেজাউল হকে আঁতধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দিলীপ ৰাজবংশী মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাক্ষেত্ৰত আগুৱাই যাবলৈ কেইবাটাও পৰামৰ্শ আগবঢ়ায় ।

বেজেৰা মহৰ্ষী পাব্লিল স্কুলৰ অধ্যক্ষা ৰেছমা বড়া,মাৰুৱাচকী হাইস্কুলৰ প্ৰধান শিক্ষক মধুৰামোহন নাথ ,অৱসৰী শিক্ষক ইছলামুদ্দিন আহমেদ,দিলোৱাৰ হুছেইন, দুমুনিচকী ইংৰাজী স্কুলৰ অধ্যক্ষ উদ্ধৱ চন্দ্ৰ ৰয় প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি সামৰণি অনুষ্ঠানত উপস্থিত থাকে । ইফালে গ্রীষ্মকালীন পাঠদানৰ কাৰ্যসূচীত অনুষ্ঠিত মুল্যাংকন পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয় ।

Related Articles