তেজপুৰ জিলা সাহিত্য কৰ্মশালাৰ সফল সামৰণি…

শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা সাহিত্য শাখাৰ উদ্যোগত নাগশংকৰ আঞ্চলিকৰ বালিজান প্ৰাথমিক শাখাৰ কীৰ্তনগৃহত দিনযোৰা কাৰ্যসূচীৰে এভাগি সাহিত্যৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাভাগত কবিতা আবৃত্তি, বক্তৃতা আৰু বিতৰ্কৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তিসকলে ।

কৰ্মশালাভাগত জিলা সাহিত্য শাখাৰ সভাপতি দেৱজিৎ শইকীয়া, সম্পাদক ৰঞ্জিত বৰা, কৰ্মশালা উদ্বোধক বিউটি কেওঁট, প্ৰশিক্ষক হিচাপে বক্তৃতাৰ বাবে জামুগুৰি আঞ্চলিকৰ বিজু তামুলী, কবিতাৰ বাবে তেজপুৰ আঞ্চলিকৰ দীপাংকৰ নাথ, বিতৰ্কৰ বাবে তেজপুৰ আঞ্চলিকৰ পংকজ প্ৰতীম বৰা উপস্থিত থকাৰ লগতে নাগশংকৰ আঞ্চলিক শাখাৰ সভাপতি লক্ষী বেজবৰুৱা, উপসভাপতি বিপুল বৰা, সম্পাদক দিগন্ত বৰুৱা, সাহিত্য শাখাৰ সভাপতি ৰাজেন্দ্ৰ কলিতা, সম্পাদক বিশ্বজিৎ সূত, জিলা সদস্য চিতেশ্বৰ ভূঞা, শৈলেন শইকীয়া, পল্লৱী শইকীয়া, নাগশংকৰ আঞ্চলিক আইমাতৃ কল্যান শাখাৰ সম্পাদিকা চুমি বৰা, আঞ্চলিক সাহিত্য শাখাৰ সদস্য-সদস্যা, আতিথ্য বহনকাৰী বালিজান প্ৰাথমিক শাখাৰ সভাপতি তোষেশ্বৰ হাজৰিকা, সম্পাদক হিমাংশু বৰাকে প্ৰমুখ্য কৰি প্ৰাথমিকৰ বাপ-বান্ধৱ, আইমাতৃ, যুৱক-যুৱতী আৰু প্ৰশিক্ষাৰ্থী হিচাপে বিভিন্ন প্ৰাথমিক শাখাৰ শিশু, যুৱ, আইমাতৃ আৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । প্ৰায় চাৰে চাৰিকুৰি বাপ-বান্ধৱ আৰু প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাভাগৰ সফল সামৰনি হয়।

Related Articles