জিতেন্দ্ৰনাথ বৰা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা প্ৰদান…

২০১৯ চনৰ পৰা ধাৰাবাহিকভাৱে গোলাঘাট জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা কৃতীমানক জিতেন্দ্ৰনাথ বৰা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা তেখেতৰ পৰিয়ালে প্ৰদান কৰি আহিছে । এই বৰ্ষত এই বঁটা লাভ কৰিছে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা অনামিকা বৰাই । তেওঁ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৭৩ নম্বৰ লাভ কৰি এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ।

দেৰগাঁৱৰ সমীপৰ দনাই গাঁৱৰ ছাত্ৰীগৰাকীৰ বাসগৃহত এই বঁটা প্ৰদান কৰা হয় । শিক্ষক ধ্ৰৱজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত সমাজকৰ্মী ,সাহিত্যিক নুৰুল চুলতান , উদয়ন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা, দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিদানন্দ পাঠক , সহকাৰী শিক্ষক ৰূপম বৰুৱা ,সাংবাদিক বিদ্বান বৰদলৈ উপস্থিত থাকে । ন্যাসৰ হৈ প্ৰয়াত জিতেন্দ্ৰ নাথ বৰাৰ সহধৰ্মিনী ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাৰিজাত বৰুৱাই ছাত্ৰী গৰাকীক বঁটাটো প্ৰদান কৰে । বঁটাত এখন অভিনন্দন পত্ৰ , নগদ ৫০০০/ টকা আগবঢ়োৱা হয় । অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে এনে ধৰণৰ বঁটাই গোলাঘাট জিলাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক যথেষ্ট উৎসাহিত কৰিব বুলি আশা কৰে লগতে এই বঁটা প্ৰদান কৰাৰ বাবে পৰিয়ালটিক সকলোৱে ভূয়সী প্ৰশংসা কৰে।

Related Articles