বিলুপ্ত হ’ল আমগুৰি সমষ্টি। ১৪ আগষ্টত আমগুৰি বন্ধৰ আহ্বান আমগুৰি সুৰক্ষা সমিতিৰ…

১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে আমগুৰি সমষ্টি সুৰক্ষা সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আটাছুকে ধৰি বহুকেইটা জাতীয় সংগঠনে আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধৰ। পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে। ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুন:নিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধৰ।


উল্লেখ্য যে চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি চাৰিআলিত নিশাই আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আহোম সেনাৰ বিষয়ববীয়াই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আমগুৰি নগৰৰ চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে জাতীয় সংগঠনকেইটা । বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টি ৰক্ষাত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ আনি জাতীয় সংগঠনকেইটাই প্ৰদীপ হাজৰিকাৰ এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰে।

Related Articles