দেৰগাঁৱৰ দাধৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত চকু পৰীক্ষা শিৱিৰ সম্পন্ন। আজি দেৰগাঁৱৰ দাধৰা বিষ্ণু মন্দিৰ প্ৰাঙ্গনত গৌৰৱ গগৈ ফেনক্লাৱৰ উদ্যোগত ভাৰত বিকাশ পৰিষদ , স্নেহপদ আৰু ভিছন স্প্ৰীঙৰ সহযোগত আৰু বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সৌজন্যত এক চকু পৰীক্ষা আৰু চশমা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই কাৰ্যসূচীভাগ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে দাধৰা বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ বেজবৰুৱাই।
‘স্নেহপদ’ আৰু ‘ভিছন স্প্ৰীং ফাউণ্ডেচন’ৰ ফালৰ পৰা এজন চিকিৎসা বিষয়া তথা দুজন কৰ্মচাৰী ক্ৰমে ৰোহন চাৰোহা,পাৰ্থ নাথ আৰু ৰোহিত কুমাৰে এই অনুষ্ঠানত চিকিৎসা সেৱা আগবঢ়ায় । স্থানীয় ডেৰ শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰা অনুষ্ঠানটিত বিদ্যুৎ গোস্বামী,পংকজ বৰদলৈ,বুবু গোস্বামী,সুৰেন হাজৰিকা, গোপাল কৃষ্ণ খাউণ্ড, লাচিত বৰা,দেৱজিত হাজৰিকা ,প্ৰাঞ্জল শৰ্মা,ৰাতুল বেজবৰুৱা,সুৰেন শৰ্মা,বৃন্দাবন বেজবৰুৱা আদি উপস্থিত থাকি এনে মহৎ প্ৰচেষ্টাৰ শলাগ লয় ।

