সমগ্ৰ দেশৰ সমান্তৰালকৈ নগাওঁ জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কটহগুৰি গাঁও পঞ্চায়তৰ সহযোগত আজি কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত মেৰী মাটি, মেৰী দেশ’ আজাদী কা অমৃত মহোৎসৱ উৎযাপন উপলক্ষে এখন শোভাযাত্ৰা অনূষ্টিত হয়। আজিৰ কাৰ্য্যসূচী অনুসৰি পুৱা পতকা উত্তোলনৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন, শিলাফলকম শুভ উদ্বোধন,পঞ্চপ্ৰাণ সংকল্প গ্ৰহণ, চেল্ফি ফটো সংগ্ৰহ, বসোধা বন্ধন কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়।

উক্ত কাৰ্য্যসূচীত কটহগুৰি কণিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ ৱাজিদুল হক,কটহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডo খাইৰুল ইছলাম, সভানেত্রী শ্বিৰিনা বেগম,কণিষ্ঠ অভিযন্তা, পঞ্চায়ত সচিব, আশা কৰ্মী ,অংগণবাদী কৰ্মী,গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনী ৰ লগতে কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়,কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডেৰী স্কুল,কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অধ্যাপক অধ্যাপিকা লগতে কৰ্মচাৰী আৰু স্থানী সচেতন ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

