ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি…

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৰু মহকুমা কৃষি বিষয়া, তামুলপুৰৰ সহযোগত তামুলপুৰৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কালচেনীত ছয়াবিনৰ খেতি আৰম্ভ কৰা হয়।

বন্তি প্ৰজ্বলন আৰু ফিটা কাটি এই প্ৰদৰ্শন মূলক খেতি মুকলি কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী আৰু বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভাই।

প্ৰায় ৪০ বিঘা ভূমিত স্থানীয় জৌগালো কৃষক গোটে প্ৰদৰ্শন মূলক ভাৱে কৰা এই ছয়াবিন খেতিয়ে বিটিআৰৰ কৃষক সকলৰ মাজত নতুন কৃষি বিপ্লৱ আৰম্ভ হ’ব বুলি আশা কৰিছে।

Related Articles