ওদালগুৰি জিলাৰ মাজবাটৰ কমলাবাৰীত হাতী মানুহৰ সংঘাত। হাতীৰ আক্রমণত এগৰাকী মহিলাৰ মৃত্যু। অসম অৰুণাচল সীমান্তবর্তীৰ এক দুৰ্গম অঞ্চলৰ কমলাবাৰীত হাতীৰ আক্রমণত ৪৫ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওদালগুৰি জিলাৰ বিভিন্ন স্থানত হাতী মানুহৰ সংঘাত হৈ থকাৰ মাজতে শুক্ৰবাৰে নিশা মাজবাট থানা এলেকাৰ কমলাবাৰীত প্ৰায় ৯-৩০ মান বজাত অৰুণাচল পাহাৰৰ পৰা এটা হাতী আহি কমলাবাৰী গাঁৱত প্ৰৱেশ কৰে। অকলশৰীয়া হাতীটোৱে জিতেন দৈমাৰীৰ ঘৰত প্ৰবেশ কৰি জিতেন দৈমাৰীৰ পত্নীক শুই থকা অৱস্থাত পাই সুৰেৰে টানি আনি গচকি দিয়াত মহিলাগৰাকীৰ মৃত্যু হয় আৰু হাতীটো তাৰ পৰা আঁতৰি যায়। ঘৰখনত থকা বাকি সদস্য সকলে দৈৱ ক্ৰমে হাতিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। হাতিৰ আক্ৰমণত মহিলাৰ মৃত্যু হোৱা খৱৰ পাই নিশাই মাজবাট আঞ্চলিক বন বিভাগৰ বন কৰ্মী আৰু মাজবাট আৰক্ষীৰ এটা দলে ঘটনাস্থলিত উপস্থিত হৈ মৃত মহিলা বিলাইশ্ৰী দৈমাৰীৰ মৃতদেহ মণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি লৈ প্ৰেৰণ কৰে।
মাজবাট আঞ্চলিক বন বিভাগৰ বিষয়া জগদীশ বসুমতাৰীয়ে সাংবাদিক কয় যে মৃত মহিলাগৰাকীৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা যথোপযুক্ত ক্ষতিপুৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে। উল্লেখ্য যে যোৱা বছৰতো উক্ত স্থানত হাতীৰ আক্রমণত একেটা পৰিয়ালৰ শিশুসহ তিনি জন লোক মৃত্যু হৈছিল। বন বিভাগক স্থানীয় গাঁৱবাসীয়ে দাবি জনায় কই যে অকলশৰীয়া হাতীটোৰ ব্যৱস্থা গ্ৰহণ কৰক বন বিভাগে।

