সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় এক বিশেষ অভিনন্দন অনুষ্ঠান৷ ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে কৃতিত্ব অৰ্জন কৰা অঞ্চলটোৰ ৫৪০ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰেই অনুষ্ঠিত কৰা অনুষ্ঠানতি সঞ্চালনা কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে ৷

ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকলৰ লগতে বহুকেইগৰাকী গুণী জ্ঞানী লোক উপস্থিত থকা এই বিশেষ অভিনন্দন অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোছা আৰু একো একোখনকৈ অভিনন্দন পত্ৰৰে অভিনন্দন জনাই ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু কৰ্মীসকলে৷ দেৱ দিপাংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মনোগ্ৰাহী ভাষণ আগবঢ়াই আমন্ত্ৰিত অতিথিসকলে৷ অনাগত দিনসমুহত ছাত্ৰ ছাত্ৰীসকলে শিপা নাপাহৰি অধ্যয়নৰ দিশত আগুৱাই গৈ অঞ্চলটোক জিলিকাই তোলাৰ বাবেও আহবান জনাই উপস্থিত অতিথিসকলে৷ উঠি অহা ছাত্ৰ ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰতিবছৰেই অনুষ্ঠিত কৰি অহা এই ধৰণৰ অনুষ্ঠানক শিক্ষাপ্ৰেমী ৰাইজেও শলাগ লোৱা পৰিলক্ষিত হৈছে ৷

