বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰে। ইতিহাস সৃষ্টি কৰাৰ পাছত তেওঁ ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে। নীৰজে স্বৰ্ণ পদক লাভ কৰে। ফাইনেলত নীৰজৰ প্ৰথমটো থ্ৰ’ ফাউল হৈছিল। কিন্তু দ্বিতীয় থ্ৰ’ত সফল হৈছিল। দ্বিতীয় প্ৰচেষ্টাত নীৰজে ৮৮.১৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। জেভেলিন থ্ৰ’ৰ ফাইনেলত ভাৰতৰ নীৰজৰ লগতে পাকিস্তানৰ আৰ্ছাদ নদীমও আছিল। ফাইনেলত তেওঁৰ আগত কোনেও যাব নোৱাৰিলে। গতিকে সোণৰ পদক লাভ কৰিলে নীৰজ চোপ্ৰাই। পাকিস্তানৰ আৰ্ছাদ দ্বিতায় হ’ল। আৰছাদে ৮৭.৮২ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰে। তেওঁ লাভ কৰিলে ৰূপৰ পদক। একে সময়তে চেক গণৰাজ্যৰ জেকব ৱাডলেচ তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ৱাডলেচে ৮৬.৬৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে।

স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাক অভিনন্দন জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে ভাৰতৰ কিশোৰ জেনাই পাঁচ নম্বৰ স্থানত তাকে। আনহাতে ডি পি মানুৱে ষষ্ঠ স্থান লাভ কৰে। কিশোৰে ৮৪.৭৭ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰে। আনহাতে মনুৱে ৮৪.১৪ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। ফাইনেলত মুঠ ১২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

