দৈনন্দিন বাৰ্তাৰ সেৱা, পানেৰী, ৭ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কৰে।

অসম চৰকাৰে মুল্য বৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰল যোগান মন্ত্ৰী ফনী ভূষণ চৌধুৰীৰ পদত্যাগ দাবীৰে তেওঁৰ পুতলিকা দাহ কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে।

