গ্ৰাম্য অঞ্চলৰ উঠি অহা ফুটবল খেলুৱৈসকলৰ বিকাশৰ উদ্দেশ্যে ‘অইল ইণ্ডিয়া লিমিটেড’ৰ চি এছ আৰ আচঁনিৰ অধীনত ‘অইল লক্ষ্য’ তৃতীয় বৰ্ষৰ শুভাৰম্ভণি ১৬ অক্টোবৰ ২০২৩, সোমবাৰে মাহমৰা ক্ৰীড়া সন্থাৰ সহযোগত চৰাইদেউ জিলাৰ মাহমৰা ‘বালীজান দুৱৰী যুৱক সংঘ’ৰ খেলপথাৰত অনুষ্ঠিত হ’ব । বিগত বৰ্ষত উদ্ধোধনী অনুষ্ঠান হৈছিল ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ত্ৰিনয়নজ্যোতি সংঘ খেলপথাৰত । অইল ইণ্ডিয়া লিমিটেডৰ কর্মাঞ্চলসমূহৰ ৩৪ টা ফুটবল কেন্দ্ৰক সাঙুৰি লোৱা তৃতীয় বৰ্ষৰ কাৰ্যপ্ৰণালী ইতিমধ্যে অইল লক্ষ্য মূল উদ্যোক্তা ‘দুলীয়াজান ফুটবল ক’চিং চেন্টাৰে’ প্ৰকাশ কৰিছে । যোৱা বৰ্ষৰ দৰে এই বছৰও খেলুৱৈসকলক এক প্রতিযোগিতা মূলক মঞ্চ দিয়াৰ উদ্দেশ্য ‘অইল লক্ষ্য ডেভেলপমেণ্ট লীগ’ ৰ দ্বিতীয় সংস্কৰণ ল’ৰা ১৪ আৰু ১৬ বছৰ অনুৰ্দ্ধৰ, ছোৱালী ১৬ বছৰ অনুৰ্দ্ধৰ মুঠ ৭৩ টা দলৰ অংশগ্রহণে আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰি উক্ত ৩৪ টা ফুটবল কেন্দ্ৰক অইল লক্ষ্য ফালৰপৰা খেলৰ সামগ্ৰীৰ বিতৰণকে ধৰি বিনামূলীয়াভাবে নির্বাচিত প্ৰশিক্ষকক সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ‘ডি’ আৰু ‘চি’ লাইচেন্সৰ পাঠ্যক্ৰমৰ সুবিধা কৰাই দিয়া লগতে খেল পৰিচালকৰ চাৰ্টিফিকেটৰ ব্যৱস্থা আছে । তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰসাৰৰ বাবে ‘অইল লক্ষ্য’ তৃতীয় বৰ্ষত নতুন সংযোজন সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ‘ব্লু ক্লাব’ লীগ’ অৰুণাচলৰ চাংলাং জিলাত অনুষ্ঠিত কৰা হ’ব বুলি দুলীয়াজান ফুটবল ক’চিং চেন্টাৰৰ সম্পাদক ভবেন চাংমায়ে জানিবলৈ দিয়ে ।

১৬ অক্টোবৰৰ উদ্ধোধনী দিনা মাহমৰা ফুটবল ক’চিং চেন্টাৰ আৰু লাকুৱা ফুটবল ক’চিং চেন্টাৰৰ ল’ৰাৰ ১৪ বছৰ অনুৰ্দ্ধৰে আৰম্ভ হ’ব । এই অনুষ্ঠানত অইল ইণ্ডিয়াৰ বিষয়াবৰ্গৰ লগতে কেইবাগৰাকীও প্ৰাক্তন ফুটবলাৰ উপস্থিত থাকিব । এইবাৰৰ ‘অইল লক্ষ্য’ আঁচনিয়ে সামৰি লোৱা চাৰিখন জিলা হ’ল – তিনিচুকীয়া, ডিব্ৰগড়, চৰাইদেউ আৰু শিৱসাগৰ । কেন্দ্ৰ সমূহ :-
১. কাকপথাৰ ফুটবল ক’চিং চেন্টাৰ
২. ৰঙাজান ইউনাইটেড এফ চি
৩. মাকুম এফ চি চি
৪. তালাপ কৰদৈগুৰি আঞ্চলিক ক্ৰীড়া সন্থা
৫. বাৰেকুৰী এফ চি চি
৬. তিনিচুকীয়া খেল’ ইণ্ডিয়া চেন্টাৰ
৭. দেওশাল ফুটবল একাডেমী
৮. ইউনাইটেড চাবুৱা এফ চি
৯. বৰহোলা এফ চি চি
১০. লাংকাচি ফুটবল একাডেমী
১১. ভাদৈ ফুটবল ক্লাব
১২. দুলীয়াজান ফুটবল ক’চিং চেন্টাৰ
১৩. দুলীয়াজান ফুটবল একাডেমী
১৪. পি পি এফ নাহৰকটীয়া
১৫. নাহৰকটীয়া ফুটবল একাডেমী
১৬. শলগুৰি টিপমিয়া ফুটবল ক’চিং চেন্টাৰ
১৭. মাহ’মৰা স্পটছ ক্লাব, টিংখং
১৮. কপৌহোৱা নৱজ্যোতি সংঘ
১৯. জয়পুৰ তৰুণ সংঘ
২০. জয়পুৰ ছকাৰ চেন্টাৰ
২১. নামৰূপ টাউন ক্লাব ফুটবল একাডেমী
২২. চি চি ডি ডিব্ৰগড়
২৩.:যদু শ্যাম ফুটবল ক’চিং চেন্টাৰ
২৪. লুইত ফুটবল ক’চিং চেন্টাৰ
২৫. বৰবৰুৱা ফুটবল ক’চিং চেন্টাৰ
২৬. চ্যুকাফা ক’চিং স্পৰ্টছ একাডেমী, বৰুৱানগৰ
২৭. মাহমৰা ফুটবল ক’চিং চেন্টাৰ
২৮. লাকুৱা ফুটবল ক’চিং চেন্টাৰ
২৯. বাম ৰজাবাৰী ক’চিং চেন্টাৰ
৩০. ভোগবাৰী ফুটবল ক’চিং চেন্টাৰ
৩১. ধমন ক্ৰীড়া প্ৰকল্প
৩২. চৰাইদেউ ফুটবল একাডেমী
৩৩. তিনিচুকীয়া ফুটবল একাডেমী আৰু
৩৪. টিমনা ফুটবল ক’চিং চেন্টাৰ ।

