ছয়গাঁৱত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ পদাৰ্পণত উৎফুল্লিত ৰাইজ

ছয়গাঁও, ১২নবেম্বৰ : হিন্দু সমাজক জাগ্ৰত কৰা অতন্দ্ৰ প্ৰহৰী ৰূপী ড: সত্যৰঞ্জন বৰা আজি ছয়গাঁৱত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে হিন্দুত্ববাদী জনসাধাৰণ। প্ৰথমে হিন্দুত্ববাদী নেতা ডঃ বৰাই ঐতিহাসিক চণ্ডিকাদেৱালয়ত উপস্থিত হৈ আইৰ আশীৰ্বাদ লৈ ৰাওনা হয় ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মাকেলি ৰাজহ গাঁৱৰলৈ। গাওঁখনত গৈ ডঃবৰাই ছকুৰী দেওনা চুবলৈ লোৱা স্বাধীনতা সংগ্ৰামী নেত্ৰী বুধেবালা পাঠকৰ ঘৰত উপস্থিত হৈ আইতা গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ তেওঁক ঠাণ্ডাৰ বাবে কিছু বস্ত্ৰ প্ৰদান কৰে। তাৰ পিছত গাওঁ খনৰ এগৰাকী মুখীয়াল লোকে বৰাক গাওঁখনৰ খোৱা পানী দিশত কিছু নজৰ দিবলৈ আহ্বান জনায়।

ছয়গাঁৱৰ স্বাধীনতা সংগ্ৰামী নেত্ৰী বুধেবালা পাঠকৰ এক আলোক চিত্ৰ

ইয়াৰ পিছতে নেতা গৰাকীয়ে ঐতিহাসিক চান্দ সদাগৰৰ মেৰঘৰত উপস্থিত হৈ মেৰঘৰটোৰ ভগ্নাৱশেষ বোৰৰ সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই হিন্দু সমাজক একত্ৰিত হৈ সংঘবদ্ধ ভাবে কাম কৰি যাবলৈ আহ্বান জনায় আৰু পৰৱৰ্তী সময়ত সকলোকে তেওঁ সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

Related Articles