চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা ঐতিহাসিক ৰাজাখনা পুখুৰী, ৰুক্মিণী আলিৰ সংৰক্ষণ কৰি পৰ্য্যটন স্থলী হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী চুতীয়া জাতি সন্মিলন, কুণ্ডিল সেনাৰ…

চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা ঐতিহাসিক ৰাজাখনা পুখুৰী আৰু ৰুক্মিণী আলিৰ সংৰক্ষণ কৰাৰ লগতে ৰজাদিনীয়া কৃৰ্তিচিহ্ন সমূহক পৰ্য্যটন স্থলীলৈ প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছে সদৌ অসম চুতীয়া জাতি সন্মিলন আৰু কুণ্ডিল সেনাই। কালি সদৌ অসম চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সদস্য গোপাল বৰা, জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি ৰঞ্জিত চুতীয়া, সম্পাদক বিশ্ব বৰা, কুণ্ডিল সেনাৰ উপ সভাপতি হিৰেণ শইকীয়াকে ধৰি এটি সঁজাতি দলে চুতীয়া ৰজা আৰিমত্তই খণ্ডা ৰাজা খানা পুখুৰী আৰু ৰুক্মিণী আলি  পৰিদৰ্শন কৰে।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰাজাখানা গাওঁ পঞ্চায়তত অৱস্থিত ৬৪ বিঘা ভূমিত চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা ঐতিহাসিক ৰাজাখনা পুখুৰীটোৰ মাজেৰে বৰ্তমান এখন পাহাৰীয়া নদী বৈ গৈছে।

দুয়োটা চুতীয়া জাতীয় সংগঠনৰ নেতৃত্বই উক্ত ঐতিহাসিক ৰাজাখনা পুখুৰীটো সংৰক্ষণ কৰি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে পৰ্য্যটন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছে। আনহাতে শদিয়াৰ পৰা মালিনীথানলৈ চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা বুৰঞ্জী প্ৰসিদ্ধ ৰুক্মিণী আলিৰ জোনাই মহকুমাৰ বেৰাচাপৰি,লুহিজান অঞ্চল আৰু আন আন অঞ্চলত  ভগ্নাৱশেষ হিচাপে অৱস্থিত ৰুক্মিণী আলিৰ সংৰক্ষণ কৰি ইয়াকো পৰ্য্যটন স্থলীলৈ প্ৰতিষ্ঠা কৰাৰ চৰকাৰক দাবী জনাইছে।  

শম্ভূ দাস চিলাপথাৰ 

ধেমাজি

Related Articles